NORTHEAST NOW (Assamese)

হলিউডৰ কিংবদন্তি অভিনেতা ড’নাল্ড ছাদাৰলেণ্ডৰ দেহাৱসান

June 21, 2024 4:48 pm · এন ই নাও নিউজ, গুৱাহাটী
অভিনেতা ড’নাল্ড ছাদাৰলেণ্ড। ফাইল ফটোঃ সংগ্ৰহীত।

হলিউডৰ কিংবদন্তি অভিনেতা ড’নাল্ড ছাদাৰলেণ্ডৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে আমেৰিকাৰ মিয়ামীত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।

মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৮৮ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ অসুখত ভুগি আছিল। ছাদাৰলেণ্ডে দ্য হাংগাৰ গেমছ আৰু ডোন্ট লুক নাও ছবিত অভিনয় কৰি সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল।

ড’নাল্ড ছাদাৰলেণ্ডৰ পুত্ৰ তথা অভিনেতা কিফাৰ ছাদাৰলেণ্ডে এক বিবৃতিত তেওঁৰ পিতৃৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

লগতে পঢ়কঃ চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ; কিমান বৃদ্ধি হ’ব দৰমহা, ডি এ?

ছাদাৰলেণ্ডে দ্য ডাৰ্টি ডজন, MASH আৰু Klute ছবিতো অভিনয় কৰিছিল।

কানাডাৰ নিউ ব্ৰান্সৱিক চহৰত জন্মগ্ৰহণ কৰিছিল ছাদাৰলেণ্ডে। তেওঁ কানাডা এৰি ১৯৫৭ চনত লণ্ডনলৈ যায়। 

Related News