• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2018 6:52 pm
mrinal

কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মৃণাল সেন। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলা সমান্তৰাল চলচ্চিত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ আজি কলকাতাৰ নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ৰ তেওঁৰ বয়স আছিল ৯৫ বছৰ।

জানিব পৰা মতে, বাৰ্দ্ধক্যজনিত ৰোগত আজি পুৱা ১০ বাজি ৩০ মিনিটত সেনৰ পৰলোকপ্ৰাপ্তি ঘটে।

Apply Now

আন্তৰ্জাতিক চলচ্চিত্ৰ জগতত আঞ্চলিক সমান্তৰাল ছবিৰ এগৰাকী যুগস্ৰষ্টা হিচাপে তেওঁৰ সমসাময়িক চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু ঋত্বিক ঘটকৰ সৈতে মৃণাল সেনৰ নাম সদায় স্মৰণ কৰা হয়।

তেওঁ ১৯৫৫ চনত ‘ৰাত ভোৰে’ নামৰ কাহিনী ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা হিচাপে ভূমুকি মাৰে। এই ছবিখনত বিশিষ্ট অভিনেতা উত্তম কুমাৰে অভিনয় কৰিছিল। মৃণাল সেনক তেওঁৰ ‘’নীল আকাশেৰ নীচে’’, বাইশে শ্ৰাৱণ’’, ‘’ভূৱন সোম’’ আৰু ‘’আকালেৰ সন্ধানে’’ৰ দৰে চলচ্চিত্ৰৰ বাবে চলচ্চিত্ৰ সমালোচকসকলে অতি উচ্চ প্ৰশংসা কৰি আহিছে।

উল্লেখযোগ্য যে মৃণাল সেনে ১৯৮২ চনত ‘ত্ৰিপুৰা প্ৰসংগ’ নামৰ তথ্যচিত্ৰ এখনো নিৰ্মাণ কৰিছিল। ত্ৰিপুৰা চৰকাৰৰ বিত্তীয় সাহায্যত এই তথ্যচিত্ৰখন সেনে নিৰ্মাণ কৰিছিল।

১৯২৩ চনৰ ১৪মে’ত বৰ্তমান বাংলাদেশৰ ফৰিদপুৰত মৃণাল সেনৰ জন্ম হৈছিল। কলকাতালৈ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিবলৈ আহি সেনে চলচ্চিত্ৰ কলা সম্পৰ্কত এখন গ্ৰন্থ অধ্যয়ন কৰাৰ পাছত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আকৰ্ষিত হৈ পৰে।

ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত হোৱাৰ লগতে সেনে ২০০৫ চনত তেওঁ দেশৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰে। তদুপৰি, ১৯৮৩ চনত তেওঁ দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ বঁটা লাভ কৰে।

মৃণাল সেনৰ মৃত্যু বিশ্বৰ চলচ্চিত্ৰ জগতৰ বাবে এক ক্ষতি বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

আনহাতে, সেনৰ মৃত্যুত দেশৰ অজস্ৰ গুণমুগ্ধই ছচিয়েল মিডিয়া যোগে শোক প্ৰকাশ কৰাৰ লগতে কিংবদন্তি চলচ্চিত্ৰ পৰিচালক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd