লেখাপানী আৰক্ষীৰ দ্বাৰা চুলাই মদ প্ৰস্তুত কৰিবলৈ নিয়া ১২৪ টিন অবৈধ লালীগুড় জব্দ

Screenshot_20180907-202232

লেখাপানীত চুলাই বনাবলৈ নিয়া ১২৪ টিন লালীগুড় জব্দ লেখাপানী আৰক্ষীয়ে আজি জব্দ কৰে৷ পশুখাদ্যৰ নামত বাণিজ্যিক চহৰ তিনিচুকীয়াৰ একাংশ কুখ্যাত লালীগুড় মাফিয়াই জিলাখনৰ ডিগবৈ, শদিয়া, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু, লেখাপানী, জাগুন, কেতেটং, পেঙেৰী, কাকপথাৰ, ডিৰাক, বৰডুমাচা, টিংৰাই, আগবন্ধা বনগাঁও আদি অঞ্চলত অবৈধ চুলাই মদ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা লালীগুড়ৰ অবৈধ ব্যৱসায় চলাই আহিছে৷

আজি মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ তিনি মাইলত লেখাপানী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ চুলাই মদ বনোৱা লালীগুড় জব্দ কৰে৷ লেখাপানী আৰক্ষীয়ে জব্দ কৰা ১২৪ টিন লালীগুড়ৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে উক্ত লালীগুড়খিনি পৰশুৰাম শ্বাহ নামৰ এজন ব্যক্তিৰ ঘৰৰ ভিতৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। লগতে জব্দ কৰা হয় চুলাই মদ বনোৱা বহু পৰিমাণৰ দৰব৷ ধৃত পৰশুৰামে তিনিচুকীয়াৰ বৰবজাৰস্থিত কুখ্যাত লালীগুড় ব্যৱসায়ী উমা শংকৰ যাদৱৰ মালিকনাধীন ‘কৃষ্ণ ট্ৰেডিং কোম্পানী’ৰ পৰা অনা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে৷ জিলাখনত চলি থকা কেৱল পশুখাদ্যৰ বাবে ব্যৱহাৰৰ উপযোগী এই লালীগুড় অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰি অহা বিষয়টোত এক বৃহৎ চক্ৰ জড়িত হৈ থকা কথা সদ্যহতে পোহৰলৈ আহিছে৷

এই ক্ষেত্ৰত আৰক্ষী আৰু আৱকাৰী বিভাগক কঠোৰ ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনাইছে সচেতন মহলে৷  পৰশুৰাম শ্বাহক বৰ্তমান আৰক্ষীয়ে জেৰা অব্যহত ৰাখিছে।