হায়দৰাবাদ ধৰ্ষণ-হত্যা অভিযুক্তৰ এনকাউণ্টাৰ: তেলেংগানা উ. ন্যা.ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ মহিলা সমাজকৰ্মীৰ

Letter to CJI from Women's and People's Organizations on 4 Police Encounter Deaths in Hyderabad

১৫ গৰাকী মহিলা সমাজকৰ্মীয়ে হায়দৰাবাদত প্ৰিয়ংকা ৰেদ্দি নামৰ যুৱতীগৰাকীৰ ধৰ্ষণ-হত্যাত অভিযুক্ত চাৰিজন যুৱকৰ এনকাউণ্টাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত জৰুৰী হস্তক্ষেপ বিচাৰি তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ শুকুৰবাৰে পত্ৰ প্ৰেৰণ কৰিছে।

নাৰী, শিশু, মানৱ অধিকাৰৰ লগতে বিভিন্ন গণ আন্দোলনৰ সৈতে জৰিত মহিলাকেইগৰাকীয়ে ৰেদ্দিৰ ধৰ্ষণ-হত্যাক “বীভৎস” বুলি অভিহিত কৰিছে। কিন্তু অভিযুক্তকেইজনৰ “ন্যায়িক কৰ্তৃত্বহীন হত্যা” (Extra-judicial killing)ৰ উচ্চতম ন্যায়ালয় নিৰ্দেশিত নিৰ্ধাৰিত আইনী কাৰ্য্যব্যৱস্থা বিচাৰিছে।

“সঠিক প্ৰক্ৰিয়া, সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰিত আইনী কাৰ্য্যব্যৱস্থা আৰু প’ষ্ট-মৰ্টেম (পৰীক্ষা) চলোৱাৰ বাবে অটপ্সি চাৰ্জনৰ স্বতন্ত্ৰ পেনেল বিচাৰিছো,” মুখ্য ন্যায়াধীশলৈ দিয়া পত্ৰত উল্লেখ।

তেওঁলোকে মিদিয়া প্ৰতিবেদন আৰু আৰক্ষীৰ ভাষ্যত প্ৰকাশিত ঘটনাটোৰ বিৱৰণৰ আধাৰত ইয়াক “পৰিকল্পিত এনকাউণ্টাৰ বা আনকি জিম্মাত মৃত্যুৰ ঘটনা” বুলি সন্দেহ প্ৰকাশ কৰিছে।

তেওঁলোকৰমতে, ৰেদ্দিৰ “বীভৎস ধৰ্ষণ আৰু হত্যা”ই সমাজত প্ৰচণ্ড আৱেগৰ সৃষ্টি কৰিছিল আৰু বহুলোকে আনকি অভিযুক্তৰ গণহত্যাৰ দাবী তুলিছিল। আৰু আৰক্ষীয়ে এই আৱেগৰ সুযোগ লৈ ইচ্ছাকৃত আৰু শীতল মগজুৰে জিম্মাত থকা লোক চাৰিজনৰ হত্যা কৰিব পাৰে।

“এইটো স্পষ্ট যে চাৰিওজন অভিযুক্ত/ সন্দেহজনক ব্যক্তি আৰক্ষীৰ জিম্মাত আছিল, গতিকে সম্পূৰ্ণৰূপে নিৰস্ত্ৰ আছিল, আৰু সকলো সম্ভাৱনাৰে সৈতে হেণ্ডকাফ লগোৱা আছিল। পুৱা ৩ বজাত ক্ৰাইম ছীনত ঘটনাৱলীৰ ৰিক্ৰিয়েশ্বন কৰাটোৱে এই ন্যায়িক কৰ্তৃত্বহীন হত্যাটোত অধিক গুৰুতৰ উদ্বেগ উত্থাপন কৰে,” পত্ৰখনত কোৱা হৈছে।

“কিছুমান মিদিয়া ৰিপ’ৰ্টমতে পুৱা ৩ বজাত ক্ৰাইম ছীনত….৫০ গৰাকীতকৈ অধিক আৰক্ষীৰ লোক উপস্থিত আছিল। ৫০জন আৰক্ষীয়ে ৪জন নিৰস্ত্ৰ অভিযুক্ত/ সন্দেহজনক ব্যক্তিক ধৰিব নোৱাৰাটো যিকোনো যুক্তিসংগত উপলব্ধিৰ বাহিৰৰ।”

এনে ঘটনাৰ “উদযাপন” অমানৱীয় বুলি উল্লেখ কৰি তেওঁলোকে কৈছে যে ই ৰাষ্ট্ৰক “জৱাবদিহি” হোৱাৰ পৰা আঁতৰাই আৰু সুৰক্ষা দি ৰাখিব। আৰু ই ন্যায়ৰ শাসন আৰু সাংবিধানিক নিশ্চিতিৰ চৰম ঊলংঘন।

“আৰক্ষীক এইদৰে বিচাৰক, বিচাৰপীঠ, জল্লাদ (executioner)ৰ ভূমিকা ল’বলৈ আৰু এইদৰে প্ৰাণলোৱা ন্যায় দিবলৈ দিয়াটো অনুমতিসাধ্যনে?” পত্ৰখনত কোৱা হৈছে।

তেওঁলোকে লগতে কৈছে যে নাৰী অধিকাৰ বিষয়ক গোট হিচাপে এনে ঘটনাই মহিলাক অধিক সুৰক্ষিত কৰিব বুলি তেওঁলোকে নাভাবে।

“মহিলাৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধত দীঘলীয়া, নিৰন্তৰ আৰু জটিল সংঘৰ্ষ জৰিত হৈ আছে, যাক অন্য ক্ষেত্ৰৰ লগতে সমাজ, আমাৰ ঘৰসমূহ, শৈক্ষিক আৰু কৰ্মস্থলীত যুঁজিব লাগিব।”

মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণকাৰী মহিলাসকল:

  1. Sajaya K, Independent Analyst and Social Activist
    2. Meera Sanghamitra, National Alliance of People’s Movements (NAPM)
    3. Prof. Padmaja Shaw, Retired Professor, Osmania University.
    4. Devi, Social and Cultural Activist
    5. Jhansi,Progressive Organization of Women (POW)
    6. Vimala Morthala, Women’s Rights Activist and Writer
    7. Sandhya V, Progressive Organization of Women (POW)
    8. Vijaya Bhandaru, Progressive Women Writers Association
    9. Ashalatha, All India Democratic Women’s Association (AIDWA).
    10. Syed Bilal, Human Rights Forum (HRF)
    11. Suneetha Achyutha, Researcher
    12. Varsha Bharghavi, Child Rights Activist
    13. Khaleeda Parveen, Social Activist
    14. Kaneez Fathima, Civil Rights Activist
    15. Sanjeev, Human Rights Forum (HRF)