আৰ্জেণ্টিনাৰ ফুটবল ষ্টাৰ লিঅ’নেল মেছি আৰু পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দপদপনি অন্ত পেলাই পোলেণ্ডৰ ৰবাৰ্ট লেবানডোস্কিয়ে চলিত বৰ্ষৰ ফিফাৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লাভ কৰে।
লেবানডোস্কিয়ে এই সংস্কৰণত ৫৫টা গ’ল কৰি বেয়াৰ্ণ মিউনিখক কেইবাটাও আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ট্ৰফি জয়ী কৰোৱাইছে।
ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ তালিকাত মেছিৰ লগতে ৰ’নাল্ডোৰ নামো অন্তৰ্ভুক্ত আছিল।
ৰাষ্ট্ৰীয় দলৰ অধিনায়ক, প্ৰশিক্ষক, নিৰ্বাচিত সাংবাদিক আৰু অনুৰাগীসকলৰ ভোটৰ আধাৰত অৱশেষত লেবানডোস্কিক শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে নিৰ্বাচিত কৰে।
ফিফাৰ তৰফৰ পৰা জ্যুৰিখত ভাৰ্চুৱেল সমাৰোহৰ আয়োজন কৰিছিল যদিও ইয়াৰ অধ্যক্ষ জিয়ান্নি ইনফাণ্টিনোৱে নিজে মিউনিখলৈ গৈ লেবানডোস্কিক এই বঁটা প্ৰদান কৰে।
ইয়াৰ পূৰ্বে ২০১৮ চনত ক্ৰোৱেচিয়াৰ লুকা মদ্ৰিচে এই বঁটা লাভ কৰিছিল আৰু ২০০৮ৰ পিছত মেছি আৰু ৰ’নাল্ডোক বাদ দি এই দুজন ফুটবলাৰেই শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
২০০৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে স্পেইনৰ কোনো ক্লাবৰ হৈ নেখেলা ফুটবলাৰ অৰ্থাৎ লেবানডোস্কিয়ে এই বঁটা লাভ কৰে। ২০০৮ চনত মানচেষ্টাৰ য়ুনাইটেডৰ হৈ খেলি ৰ’নাল্ডোৱে এই সন্মান লাভ কৰিছিল।
উল্লেখ্য যে ১৯৯১ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটা বেয়াৰ্ণ মিউনিখৰ কোনো ফুটবলাৰেই লাভ কৰিব পৰা নাছিল।
ফ্ৰেংক ৰবাৰী ২০১৩ চনত আৰু মেনুৱেল নয়াৰে ২০১৪ চনত তৃতীয় স্থান লাভ কৰিছিল।
ইফালে জৰ্গান ক্লপে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান লাভ কৰে। ক্লপৰ নেতৃত্বতে লিভাৰপুলে ৩০ বছৰৰ পিছত প্ৰীমিয়াৰ লীগৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।
আনহাতে শ্ৰেষ্ট মহিলা ফুটবলাৰৰ সন্মান লাভ কৰে লুছী ব্ৰঞ্জে।