NORTHEAST NOW (Assamese)

সন্দেহতে ১১ জন লোকক ‘হত্যা’! ভুৱা এনকাউণ্টাৰ গোচৰত ৪৩ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড

December 16, 2022 4:02 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

Life imprisonment for 43 policemen এলাহাবাদ উচ্চ ন্যায়ালয়ে ৩১ বছৰ পুৰণি এক ভুৱা এনকাউণ্টাৰ গোচৰত ৪৩ জন আৰক্ষী বিষয়াক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে।

ন্যায়াধীশ ৰমেশ সিনহা আৰু ন্যায়াধীশ সৰোজ যাদৱৰ এখন খণ্ড বিচাৰপীঠে ১৯৯১ চনৰ পিলিভিট ভুৱা এনকাউণ্টাৰ গোচৰত এই ৰায় প্ৰদান কৰিছে।

লগতে পঢ়ক: গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নাবালিকাসহ ৪জন নিহত

১৯৯১ চনৰ ১২ জুলাইত উত্তৰ প্ৰদেশৰ পিলিভিটত আৰক্ষীয়ে ১১জন শিখ তীৰ্থযাত্ৰীক গুলীয়াই হত্যা কৰিছিল।

আৰক্ষীয়ে সন্দেহ কৰিছিল যে সেই ১১ জন নিষিদ্ধ তথা বিচ্ছিন্নতাবাদী খালিস্তান লিবাৰেচন ফ্ৰণ্টৰ সদস্য আছিল।

১৯৯২ চনৰ ১৫ মে’ত উচ্চতম ন্যায়ালয়ে ঘটনাটোৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছিল। যেতিয়া তদন্তকাৰী সংস্থাটোৱে গোচৰটোৰ অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল, তেতিয়া নিম্ন আদালতে ৫৭ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছিল।

লগতে পঢ়ক: বিহাৰত ৩১ জনলৈ বৃদ্ধি সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা

অভিযুক্তসকলে উচ্চ ন্যায়ালয়ত নিম্ন আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিছিল। উচ্চ ন্যায়ালয়ে ৪৩ জন অভিযুক্তৰ শাস্তি বাহাল ৰাখিলে।

Related News