আমেৰিকাৰ এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে বিশেষকৈ ভাৰতীয়সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভাৰতীয়সকলক গৰ্বিত কৰি আমেৰিকাৰ প্ৰথম মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে কমলা হেৰিছ।
ডেম’ক্ৰেটসকলৰ শাসনত সেয়েহে ভাৰতে বিশেষ গুৰুত্ব পোৱাৰো আশা কৰিছে।
কিন্তু বহুতেই নাজানে যে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতেও ভাৰতৰ সম্পৰ্ক আছে।
আজিৰ পৰা বহুকেইবছৰ পূৰ্বে আমেৰিকাৰ ছিনেটৰ হিচাপে নিৰ্বাচিত হোৱা বিডেনক মুম্বাইৰ পৰা বিডেন উপাধিধাৰী কেইইবাজনো লোকে পত্ৰ পঠিয়াইছিল।
তাৰ পাছত জানিব পৰা গৈছিল যে মুম্বাইত এতিয়াও বিডেন উপাধিধাৰী পাঁচগৰাকী লোক বসবাস কৰি আছে।
২০১৩চনত জো বিডেন মুম্বাইলৈ আহোতে তেওঁ কৈছিল যে মুম্বাইত তেওঁৰ দূৰ সম্পৰ্কীয় আত্মীয় আছে।
৭৭বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীক লৈ এতিয়াও মুম্বাইৰ কোনোৱে বিডেনৰ আত্মীয় বুলি দাবী কৰা নাই। কিন্তু মুম্বাই অহাৰ দুবছৰমান পাছত ৱাশ্বিংটনৰ এক অনুষ্ঠানত তেওঁ পুনৰ কৈছিল যে মুম্বাইত পাঁচগৰাকী বিডেন বসবাস কৰে।
দৰাচলতে, মুম্বাইৰ সেই বিডেন উপাধিধাৰীকেইগৰাকীৰ পত্ৰ পোৱাৰ পাছত জো বিডেনে জানিব পাৰিছিল যে তেওঁৰ বহু আগৰ এগৰাকী পূৰ্বপুৰুষ ইষ্ট ইণ্ডিয়া কোম্পানীত চাকৰি কৰিছিল।
সেই তেতিয়াৰে পৰা ভাৰতত কোনো বিডেন উপাধিধাৰী লোক থকা সম্ভৱ আৰু সেইসকল জো বিডেনৰ আত্মীয় হ’বই পাৰে।
২০১৩চনত উপ ৰাষ্ট্ৰপতি থকা সময়ত তেওঁ ভাৰততলৈ আহি কেইবছৰমান আগতে পোৱা সেই পত্ৰৰ কথা সদৰী কৰিছিল। বোম্বে ষ্টক এক্সচেঞ্জত এক বাৰ্তালাপত মুম্বাইৰ সেই বিডেনৰ কথা কৈছিল।
সেই সময়ত জো বিডেনে কৈছিল যে ২৯বছৰ বয়সত তেওঁ যেতিয়া ছিনেটৰ নিৰ্বাচিত হৈছিল তেতিয়া মুম্বাইৰ পৰা পত্ৰ পাইছিল। সেই পত্ৰৰ উত্তৰ দিব নোৱাৰাৰ বাবে তেওঁ আক্ষেপো কৰিছিল।
আনহাতে, ২০১৫চনত ৱাশ্বিংটনত এক ভাষণত তেওঁ কৈছিল যে তেওঁৰ ‘গ্ৰেট, গ্ৰেট, গ্ৰেট, গ্ৰেট, গ্ৰেট গ্ৰেণ্ডফাদাৰ’ জৰ্জ বিডেন ইষ্ট ইণ্ডিয়া কোম্পানীত চাকৰি কৰিছিল। পাছত তেওঁ ভাৰততে থাকি যায় আৰু এগৰাকী ভাৰতীয় মহিলাক বিয়া কৰায়।
এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত জো বিডেনে তেওঁৰ পূৰ্বপুৰুষৰ সন্ধান চলাব নেকি সেয়া অৱশ্যে জানিব পৰা হোৱা নাই।