ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ ব্যক্তিগত গোপনীয়তা নিশ্চিত কৰিহে কৰিব লাগিব : উচ্চতম ন্যায়ালয়

Aadhar and facebook

মিডিয়াৰ ক্ৰম বৰ্ধিত অপব্যৱহাৰত উদ্বেগ প্ৰকাশ কৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়াৰ সময়ত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে য়ুজাৰৰ ব্যক্তিগত গোপনীয়তা যাতে উলংঘা নহয় আৰু সেইটো সুৰক্ষা দিয়াত যাতে চৰকাৰ ব্যৰ্থ নহয়, তাক নিশ্চিত কৰিব লাগিব বুলি কয়।

ছছ’চিয়েল মিডিয়াৰ একাউণ্টক আধাৰৰ সৈতে সংযোগ কৰাৰ দাবীৰে বিভিন্ন উচ্চ ন্যায়ালয়ত দাখিল হোৱা আৱেদনবোৰক উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ ফেইচবুক কৰ্তৃপক্ষই দিয়া এখন আৱেদনৰ শুনানিৰ সময়ত বিচাৰপীঠখনে এই মন্তব্য কৰে।

দুজনীয়া বিচাৰপীঠখন ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুক লৈ গঠিত।

“আৰক্ষীয়ে বিচাৰিলে বুলিয়েই কোনো লোকে এনেকুৱা ব্যক্তিগত তথ্য দিয়া উচিত নহয়, মোৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ আছে”, ন্যায়াধীশ দীপক গুপ্তাইকয়।

পূৰ্বৰ এটা শুনানিত বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা জানিব বিচাৰিছিল ছ’চিয়েল মিডিয়া য়ুজাৰসকলক ইয়াৰ অপব্যৱহাৰৰ পৰা বাৰণ কৰাৰ বাবে কি কি নীতি-নিৰ্দেশনা চৰকাৰৰ আছে জানিব বিচাৰিছিল।

ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰি বিচাৰপীঠখনৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, “ইয়াক প্ৰতিৰোধ কৰিবলৈ হাতত প্ৰযুক্তি নাই বুলি আমি দায় সাৰিব নোৱাৰো”।

বিশেষকৈ অনলাইন অপৰাধ আৰু ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ বাৰ্তা বিয়পাই দিয়া মূল ব্যক্তিক চিনাক্ত কৰাটোক গুৰুত্বপূৰ্ণ বুলি কোৱা হয়।

“যদিহে চৰকাৰৰ হাতত ইয়াক প্ৰতিৰোধ কৰিবলৈ প্ৰযুক্তি আছে, তেন্তে ইয়াক প্ৰতিৰোধ কৰিব লাগে ”, ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ অতি বিপজ্জনক পৰ্য্যায় পাইছেগৈ বুলি মন্তব্য কৰি বিচাৰপীঠখনে কয়।

বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰক ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ নীতি-নিৰ্দেশনা প্ৰস্তুতৰ বাবে কিমান সময় লাগিব সেয়া জনাই তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কয়।

বিশেষকৈ মূল পোষ্টকৰ্তাৰ ঠিকনা উলিওৱাটো দৰকাৰী বুলি কোৱা হৈছে।

আধাৰক ফেইচবুক একাউণ্টৰ সৈতে সংযোগ কৰাৰ দাবীত চাৰিখন আৱেদন মাদ্ৰাজ উচ্চ ন্যায়ালয় (দুখন), বোম্বেই উচ্চ ন্যায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত দাখিল হৈছিল।

ফেইচবুক কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ত দাখিল কৰা তেওঁলোকৰ আৱেদনখনত চাৰিওখন উচ্চ ন্যায়ালয়ত থকা গোচৰকেইটা উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে, যাতে দ্বন্দ্বপূৰ্ণ ৰায় উদ্ভৱ নহয়।

আনহাতে আধাৰক ফেইচবুক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটোৱে য়ুজাৰৰ ব্যক্তিগত গোপনীয়তা উলংঘা কৰিব বুলি দাবী ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানটোৰ।