NORTHEAST NOW (Assamese)

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm · এন ই নাও নিউজ, গুৱাহাটী

দীৰ্ঘদিনীয়া অপেক্ষা আৰু উদ্বিগ্নতাৰ অন্তত অৱশেষত ভাৰতলৈ আহিবলৈ সাজু হৈছে আৰ্জেন্টিনাৰ ফুটবল টীম। লিয়নেল মেছিৰ নেতৃত্বত ১০ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰৰ ভিতৰত ভাৰতত এখন প্ৰীতি মেচ খেলিব দলটোৱে।

এই কথা শনিবাৰে ঘোষণা কৰে আৰ্জেণ্টিনাৰ ফুটবল এছচিয়েশ্যনে। ইয়াৰ পূৰ্বে ২০১১ চনত কলকাতাৰ যুৱ ভাৰতী স্পৰ্টছ ষ্টেডিয়ামত ভেনিজুৱেলাৰ বিৰুদ্ধে এখন প্ৰীতি মেচত লিয়নেল মেছিসহ আৰ্জেণ্টিনাৰ দলটোৱে অংশগ্ৰহণ কৰিছিল।

জনা যায় যে এই খেলখন কেৰালাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হব পাৰে। অৱশ্যে কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰ ৰহিমে এই প্ৰীতি মেচত মেছিয়ে নিশ্চিতভাৱে খেলিব বুলি কৈছে। যদিও এই মেচৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই।

সূত্ৰ অনুসৰি কেৰালাত এখন মেচ খেলিবলৈ মেছি আৰু আৰ্জেণ্টিনাৰ দলটোৱে ১৩০ কোটি টকা লব। মেচৰ পূৰ্বে সম্পূৰ্ণ ধন পৰিশোধ কৰিব লাগিব আৰু ইতিমধ্যে নিয়ম অনুসৰি পৰিশোধ কৰা হৈছে।

শেহতীয়াকৈ আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ সময়ত নিৰপেক্ষ স্থানত এখন খেল খেলিবলৈ সৰ্বাধিক ধনৰ দাবী জনাইছে।

দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি এই প্ৰীতি মেচখনত অষ্ট্ৰেলিয়া, চৌদি আৰব বা কাটাৰক আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে। এই মেচখনৰ আয়োজক ৰিপৰ্টাৰ্ছ ব্ৰডকাষ্টিং কোম্পানীৰ এজন প্ৰতিনিধিয়ে কয় যে তেওঁলোকে ব্ৰাজিলক আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী হিচাপেও বিবেচনা কৰিছে। সকলো আলোচনাৰ পৰ্যায়ত আছে আৰু আগন্তুক এসপ্তাহৰ ভিতৰত আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বীৰ সিদ্ধান্ত লোৱা হব।

অৱশ্যে আন এটা সূত্ৰই দাবী কৰিছে যে আৰ্জেণ্টিনাই ফিফাৰ ৰেংকিং তালিকাত ৫০ খনৰ ভিতৰত থকা দেশৰ সৈতে প্ৰীতি মেচ খেলিব বিচাৰে। এনে ক্ষেত্ৰত তেওঁলোকে নিজৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বীসকলৰ তালিকা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে আৰু সেই তালিকাৰ পৰা আৰ্জেণ্টিনাই নিজৰ প্ৰতিদ্বন্দ্বীক বাছি লব।

এই প্ৰীতি মেচখনৰ উপৰিও আৰ্জেণ্টিনাৰ দলটোৱে অনুৰাগীৰ সৈতেও এক বৈঠক অনুষ্ঠিত কৰিব। এই সভা কোজিকোড বা মালাপ্পুৰমত হব পাৰে। চুক্তি অনুসৰি ৪৫ মিনিটৰ বৈঠক অনুষ্ঠিত হব। এই বৈঠকত উপস্থিত থাকিব সমগ্ৰ আৰ্জেণ্টিনাৰ দল।ৰিপ’ৰ্টাৰ ব্ৰডকাষ্টিং কোম্পানীৰ এজন প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰীতি মেচখনৰ মুঠ খৰচ প্ৰায় ৪০০ কোটি টকা হ’ব।

Related News