NORTHEAST NOW (Assamese)

১০০ বছৰৰ পিছত অৰুণাচলত আকৌ দেখা গ’ল দুষ্প্ৰাপ্য ‘লিপষ্টিক ট্ৰি’

June 10, 2022 5:47 pm · এন ই নাও নিউজ,গুৱাহাটী

উত্তৰ-পূবৰ প্ৰকৃতিত থকা নানান উদ্ভিদ আজিলৈকে ভালদৰে চিনাক্ত হোৱা নাই।

দেশৰ এই এলেকাটোত পোৱা বহু উদ্ভিয়েই আন ঠাইত পোৱা নাযায়। এনে সময়তে এশ বছৰৰ পিছত অৰুণাচল প্ৰদেশত আকৌ দেখা গ’ল দুষ্প্ৰাপ্য উদ্ভিদ ‘লিপষ্টিক ট্ৰি’ ।

‘ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট’ বা ইণ্ডিয়ান লিপষ্টিক প্লাণ্ট নামেৰেও পৰিচিত এই উদ্ভিদবিধ শেহতীয়াকৈ বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ গৱেষকসকলে অৰুণাচল প্ৰদেশৰ আজৱান জিলাত পুনৰ বিচাৰি পাইছে।

উল্লেখ্য ১৯১২ চনত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী ষ্টিফেন ট্ৰটে ডুন্নেই প্ৰথমে এই উদ্ভিদবিধ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। ৰঙা ৰঙৰ ফুল ফুলা ‘লিপষ্টিক ট্ৰি’ৰ ফুলবোৰ দেখিবলৈ লিপষ্টিকৰ দৰেই। সেয়ে গছজোপাৰ নাম লিপষ্টিক ট্ৰি হিচাবে অধিক জনপ্ৰিয় হৈ পৰিছে।

এইবিধ উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে এচিনান্থাছ মুদ্ৰাকাৰিয়া ডান।

দৰাচলতে গছবিধৰ বৈজ্ঞানিক নামৰ সৈতে থকা এচিনান্থুছ শব্দটো গ্ৰীক শব্দ আইচাইন বা আইচিনৰ পৰা আহিছে। যাৰ অৰ্থ লাজ। আনহাতে এন্থৰ অৰ্থ হৈছে ফুল।

অক্টোবৰ মাহৰ পৰা এই গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। জানুৱাৰী মাহলৈকে ফুল ফুলিয়েই থাকে।

শেহতীয়াকৈ মানুহৰ আগ্ৰাসনে অৰণ্য সংকুচিত কৰি অনাৰ বাবেই ‘লিপষ্টিক ট্ৰি’ৰ অস্বিত্বৰ প্ৰতি ভাবুকি নামি আহিছে।

চৰকাৰক এই উদ্ভিদ জোপাৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে প্ৰকৃতি প্ৰেমীসকলে।

Related News