২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কাৰ্বি আংলং জিলাৰ ডেন গাঁৱত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এক বৃহৎ কৰ্মী সভা অনুষ্ঠিত কৰি কাৰ্যতঃ পাহাৰীয়া জিলাখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজায়। কংগ্ৰেছৰ ভালেকেইগৰাকী আগশাৰীৰ নেতাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছৰ নেতৃত্বই বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে দলীয় কৰ্মীসকলক আগন্তুক নিৰ্বাচনৰ বাবে টঙালি বান্ধিবলৈ প্ৰেৰিত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ লগতে কেবাগৰাকী জ্যেষ্ঠ নেতা সভাখনত উপস্থিত থাকি প্ৰদান কৰা ভাষণত শাসকীয় চৰকাৰখনক তীৰ্যক সমালোচনাৰে থকা-সৰকা কৰে। ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শাসকীয় বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনান কৰে। মুখ্যমন্ত্ৰীয়ে অসমত ভয় আৰু ভাবুকিৰে চৰকাৰ চলোৱা বুলি মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, ‘অসমৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে, যুঁজ এখন হʼব। অসমৰ ৰাইজে যুঁজিব, অসমৰ ৰাইজ জিকিব।ʼ চৰকাৰখনে আঁচনি দিয়াৰ বাদে একো কাম কৰা নাই বুলি মন্তব্য কৰি সাংসদ গগৈয়ে আঁচনি সকলোৱে পায়নে, ঔষধ কম মূল্যত পায়নে, গাঁৱৰ বাট-পথৰ অৱস্থা ভালনে অথবা জলজীৱন আঁচনিৰ পাইপেৰে পানী ওলাইনে বুলি ৰাইজক প্ৰশ্ন কৰি এয়াই বিজেপি দলৰ কামৰ নমুনা বুলি কটাক্ষ কৰে।
আজি যিসকলে বিজেপি কৰে তথা বিজেপিৰ পালিনেতাক কমিছন দিয়ে সেইসকল লোকেহে আঁচনি পায় অথচ দুখীয়া মানুহে আঁচনি নাপায় বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ চৰকাৰ হʼলে সকলো যোগ্য লোকেই আঁচনি লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে। জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি দলে এজন জনজাতীয় লোকক লেং মাৰি ছিণ্ডিকেট কৰা মানুহক মুখ্যমন্ত্ৰী পাতে বুলি বিজেপি দলক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ শীৰ্ষ পাঁচ ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এসময়ত তেওঁৰে দায়িত্বত থকা শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত অসমক ভাৰতৰ আটাইতকৈ তলৰ পাঁচখন দেশলৈ অৱনমিত কৰা হʼল। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত দহ হাজাৰ কোটি টকাৰ ঋণৰ বোজাক লৈ সংবাদমেল পাতি হৈ-চৈ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ডেৰ লাখ কোটি লৈ বৃদ্ধি পোৱা বুলি মন্তব্য কৰি সেই বৰ্ধিত ঋণ পৰিশোধৰ বাবে সাধাৰণ জনতাৰ কৰ-কাটল, ভূমি ৰাজহ চাৰিগুণ বৃদ্ধি কৰা, বিদ্যুতৰ বিল, জিএছটি বৃদ্ধি কৰাৰ পিছতো ধনৰ জোৰা মাৰিব নোৱাৰি অসমৰ চুকে-কোণে সুৰাৰ দোকান খুলি ৰাজহ বৃদ্ধিৰ পৰিকল্পনা কৰিছে। অসমৰ যুৱকে চাকৰি কৰিব নালাগে, বৰঞ্চ তেওঁলোকক মদ খুৱাই তেওঁলোকৰ ঘৰ ধ্বংস কৰি সেই ধনেৰে চৰকাৰে ঋণ পৰিশোধ কৰিব বিচাৰিছে। অসমত কংগ্ৰেছৰ চৰকাৰ হʼলে মদৰ দোকান বন্ধ কৰি বিদ্যালয়-মহাবিদ্যালয় স্থাপনত গুৰুত্ব দিয়া হʼব। এতিয়া ভীতিগ্ৰস্ত হোৱা বিজেপি দলে ক্ষমতাৰ বাবেই একাংশ জনতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা বিজেপি দলৰ সদস্য আনি ভোটাৰ তালিকাত ভৰ্তি কৰোৱাৰ চেষ্টা কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমৰ ৰাইজৰ নহয় বৰঞ্চ উত্তৰ প্ৰদেশ, বিহাৰৰ বিজেপি সমৰ্থকৰহে মুখ্যমন্ত্ৰী হʼবলৈ বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক অন্যায় কৰি আহিছে। অসমৰ জাতি, মাটি, সংস্কৃতি ৰক্ষা কৰিবলগীয়া হʼলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগিব বুলিও কয়।
গৌৰৱ গগৈয়ে ভাষণৰ মাজতে জয় জুবিনদা ধ্বনিৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবীৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত এবাৰলৈয়ো জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ নোযোৱা কাৰ্যক কঠোৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ নামত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ কিহৰ এলাৰ্জি হয়, তেওঁলোকৰ মনৰ মাজত কি আছে বুলি প্ৰশ্ন কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মনত জুবিন গাৰ্গৰ প্ৰতি যদি সামান্য শ্ৰদ্ধাও থাকিলহেঁতেন তেওঁ প্ৰধানমন্ত্ৰীক জুবিনক্ষেত্ৰলৈ লৈ গʼলহেতেন বুলি মত প্ৰকাশ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে বুলি ৰাইজক প্ৰশ্ন কৰি ডঃ শৰ্মাক অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰে। অসমৰ ৰাজনীতিত নিকা পৰিৱেশ ঘূৰাই আনিবলৈ হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।
আজিৰ সভাত ৰাইজৰ উপস্থিতিয়ে কাৰ্বি আংলঙত কংগ্ৰেছ দলৰ শক্তিৰ উমান দিয়াৰ লগতে জিলাখনত প্ৰতি ঘৰে ঘৰে, মন্দিৰে-নামঘৰে, বুদ্ধিজীৱী, খেলুৱৈ, যুৱকসকলৰ ওচৰলৈ দলীয় কৰ্মীসকলক গৈ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়। ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা তথা অসমৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা ভূপেশ ৱাঘেল আজিৰ সভাত উপস্থিত থাকি ৰাইজৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাঘেলে ভাষণ প্ৰসংগত বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ সবাতোকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰে।
ভ্ৰষ্টাচাৰৰ জৰিয়তে বিজেপি দল কম সময়তে এটা চহকী ৰাজনৈতিক দলত পৰিণত হোৱা বুলি মন্তব্য কৰি কংগ্ৰেছ দলক জয়যুক্ত কৰোৱাৰ দায়িত্ব দলীয় কৰ্মী সকলক লʼবলৈ আহ্বান জনায়। কংগ্ৰেছ দলে খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰি ৰখাৰ ওপৰত গুৰুত্ব দি আহিছিল যদিও এতিয়াৰ চৰকাৰখনে খিলঞ্জীয়া লোকৰ ভূমি পুঁজিপতি সকলক গতাই দিয়া বুলি ৱাঘেলে অভিযোগ কৰে। জাতি-মাটি ৰক্ষা কৰাৰ দায়িত্ব অসমৰ জনতাৰ বুলি মন্তব্য কৰি কংগ্ৰেছ নেতা ৱাঘেলে কয়, “পূৰ্বে ভোটাৰে চৰকাৰ নিৰ্বাচন কৰিছিল যদিও এতিয়া চৰকাৰেহে ভোটাৰ নিৰ্বাচন কৰিবলৈ আৰম্ভ কৰিছে।”
আনহাতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাষণ প্ৰসংগত বিজেপি দলক চোকা ভাষাৰে সমালোচনা কৰি পাহাৰীয়া জিলাৰ ভূমি আদানি-আম্বানিক গতাই দিয়া বুলি অভিযোগ কৰে। পূৰ্বে বিজেপি দলে কাৰ্বি আংলঙত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তুলি বিজেপিৰ চৰকাৰ হʼলে তুলিৰাম ৰংহাঙক জেললৈ পঠোৱাৰ হুংকাৰ দিছিল যদিও সেই তুলিৰাম ৰংহাঙেই এতিয়া মুখ্যমন্ত্ৰীৰ আটাইতকৈ ঘনিষ্ঠ বুলি মন্তব্য কৰে। নেতাই কিদৰে কোটি কোটি টকাৰ ঘৰ সাজিব পাৰে, সেই ধনৰ উৎস কি বুলিও বিৰোধী নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।
সাংসদ ৰকিবুল হুছেইনে সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীক সমালোচনাৰ লক্ষ্য কৰি লোৱাৰ লগতে চৰকাৰখনে আঁচনিৰ বিনিময়ত ৰাইজৰ পৰা ভোট লোৱাৰ কৌশল অৱলম্বন কৰা বুলি কয়। কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্কী, এআইচিচিৰ সম্পাদক মনোজ চৌহান, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, কংগ্ৰেছ দলৰ কেইবাগৰাকীও বিধায়ক তথা নেতা-কৰ্মী উপস্থিত থাকে। কংগ্ৰেছ দলৰ কেইবা হাজাৰ দলীয় কৰ্মী সমৰ্থক উপস্থিত থকা সভাখনত বিজেপিকে ধৰি আন কেইবাটাও দলৰ দুই শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰে এক আলোচনাতো মিলিত হয়।





