• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত পুনৰ লিভ-ইন পাৰ্টনাৰক হত্যা! নিশা গাড়ীত মৃতদেহ লুকুৱাই টোপনিত প্ৰেমিক, পুৱাই গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2025 9:56 am
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত আন এক ভয়ানক হত্যাকাণ্ডৰ ঘটনা। নিজৰ লিভ-ইন পাৰ্টনাৰক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত প্ৰেমিকজনে মৃতদেহটো গাড়ীত পেলাই থৈ শান্তিৰে শুবলৈ ঘৰলৈ যায়। দক্ষিণ-পশ্চিম দিল্লীৰ চাওলা অঞ্চলত মাজনিশা সংঘটিত হয় এই কৰুণ ঘটনা। জানিব পৰা মতে, মদ খোৱাক লৈ দুয়োৰে মাজত হোৱা উত্তপ্ত কাজিয়াৰ ফলতে ৪৪ বছৰীয়া মহিলাগৰাকীয়ে প্ৰাণ হেৰুৱায়।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত মহিলাগৰাকীৰ সংগী হৈছে ৩৫ বছৰীয়া বীৰেন্দ্ৰ সিং। যোৱা দুবছৰ ধৰি দুয়োজনে লিভ-ইন ৰিলেছনত বাস কৰিছিল। বীৰেন্দ্ৰ নাজাফগড়ৰ বাসিন্দা। তেওঁৰ পত্নী আৰু সন্তানৰো খবৰ পোৱা গৈছে।

Apply Now

কেইমাহমান আগতে আগষ্ট মাহত বীৰেন্দ্ৰই চাওলাত তিনিমহলীয়া নতুন ঘৰ এটা কিনে। পালাম অঞ্চলৰ মহিলাগৰাকীৰ পুৰণি ঘৰটো বিক্ৰী কৰি পোৱা ধনেৰে সেই ঘৰটো ক্ৰয় কৰিছিল। সেই বিক্ৰীৰ পিছত বীৰেন্দ্ৰৰ লগত আৰু ২১ লাখ টকা আছিল, যিটো প্ৰায়ে দুয়োৰে মাজত অশান্তিৰ কাৰণ হৈ পৰিছিল।

ঘটনাৰ নিশা মদ্যপানক লৈ পুনৰ কাজিয়া আৰম্ভ হয়। আৰক্ষীৰ জেৰাৰ সময়ত বীৰেন্দ্ৰই স্বীকাৰ কৰে যে যেতিয়া মহিলাগৰাকীয়ে তেওঁক মদ্যপান কৰাত বাধা দিছিল তেতিয়া তেওঁ খঙত কিলাকুটিৰে ডিঙিত চেপি ধৰিছিল। তেওঁক মাৰি পেলায়। মহিলাগৰাকীৰ মুখত আঘাত আৰু আঁচোৰৰ চিন পোৱা গৈছে।

ইয়াৰ পিছত বীৰেন্দ্ৰই তেওঁৰ দুজন বন্ধু – এজন পুৰুষ আৰু এগৰাকী মহিলাক ফোন কৰি মৃতদেহটো আঁতৰাই পেলোৱাত সহায় কৰিবলৈ মাতে। দুজনে মিলি মৃতদেহটো তললৈ নমাই গাড়ীৰ পিছৰ চিটত থৈ দিয়ে।

বন্ধু দুজন যোৱাৰ কিছুসময়ৰ পাছত বীৰেন্দ্ৰই মৃতদেহটো লৈ সেই অঞ্চল এৰি যাবলৈ চেষ্টা কৰিছিল। কিন্তু অত্যধিক মদ্যপানৰ বাবে গাড়ী চলাব নোৱাৰিলে আৰু মাত্ৰ ১০০ মিটাৰ যোৱাৰ পিছতেই হাৰ মানে। তাৰ পাছত মৃতদেহটো গাড়ীত থৈ ঘৰলৈ উভতি আহে। আকৌ প্ৰচণ্ড মদ খোৱাৰ পিছত অৱশেষত তেওঁ টোপনিত লালকাল হৈ পৰে।

পিছদিনা পুৱাই ঘটনাটো ওচৰ-চুবুৰীয়াৰ দৃষ্টিগোচৰ হয়। সকলোৱে ভাবিছিল যে তেওঁলোক এহাল দম্পতী। ঘৰৰ সন্মুখত ৰখাই থোৱা এখন চুইফটৰ ভিতৰত মহিলাগৰাকীৰ মৃতদেহ পৰি থকা দেখি চুবুৰীয়াই লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ গাড়ীৰ পিছফালৰ চিটৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি লগে লগে ঘৰৰ ভিতৰত শুই থকা বীৰেন্দ্ৰক গ্ৰেপ্তাৰ কৰে।

বীৰেন্দ্ৰৰ দুই বন্ধুৰো সন্ধান চলাইছে আৰক্ষীয়ে। তেওঁলোকৰ ভূমিকা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am
অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

August 8, 2026 8:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd