বৰ্তমানৰ চহৰীয়া সমাজত লিভ-ইন ৰিলেচনশ্বিপক আধুনিকতা বা পাশ্চাত্যৰ প্ৰভাৱ বুলি গণ্য কৰা হয় যদিও ভাৰতৰ এখন বিশেষ ঠাইত এই প্ৰথা হাজাৰ বছৰ ধৰিও চলি আহিছে। ৰাজস্থান আৰু গুজৰাটৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা গৰাছিয়া নামৰ এক আদিবাসী জনগোষ্ঠীৰ মাজত বিয়া নোহোৱাকৈয়ে যুৱক-যুৱতীয়ে একেলগে বসবাস কৰাৰ এক সুকীয়া পৰম্পৰা আছে। এই প্ৰথাক স্থানীয়ভাৱে ডাপা বুলি জনা যায়।
এই সমাজত বিয়াখন বাধ্যতামূলক নহয় আৰু কোনো ধৰণৰ সামাজিক চাপ অবিহনেই যুগলসকলে বছৰ বছৰ ধৰি একেলগে থাকিব পাৰে। সমাজবিজ্ঞানীসকলৰ মতে এই ব্যৱস্থাৰ বাবেই গৰাছিয়া সমাজত ধৰ্ষণ বা পণৰ বাবে হোৱা মৃত্যুৰ দৰে অপৰাধৰ হাৰ অতি কম।
এই সমাজৰ আটাইতকৈ আচৰিত দিশটো হ’ল যে তেওঁলোকৰ মাজত বিয়া নোহোৱাকৈ একেলগে থকা বা সন্তান জন্ম দিয়াটোক কোনো ধৰণৰ পাপ বা অবৈধ কাম বুলি গণ্য কৰা নহয়। গৰাছিয়া জনগোষ্ঠীৰ লোকসকলে মূলত কৃষি আৰু দিনমজুৰিৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে তেওঁলোকে তেতিয়াহে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হয় যেতিয়া তেওঁলোক আৰ্থিকভাৱে প্ৰস্তুত হয়।
বহু সময়ত এই বিয়া জীৱনৰ একেবাৰে শেষৰ ফালেহে হয়। শেহতীয়াকৈ কোটৰা অঞ্চলত এনে এক বিয়া সম্পন্ন হৈছে য’ত ৭০ বছৰীয়া নানিয়া গৰাছিয়া নামৰ এজন বৃদ্ধই তেওঁৰ ৬০ বছৰীয়া সংগী কালীৰ সৈতে বিয়া পাতিছে। বিশেষ কথাটো হ’ল সেই একেখন মণ্ডপত তেওঁৰ তিনিজন পুত্ৰইও নিজৰ নিজৰ লিভ-ইন সংগীৰ সৈতে বিয়া পাতিছে আৰু এই সমগ্ৰ অনুষ্ঠানত তেওঁলোকৰ নাতি-নাতিনীসকলো উপস্থিত আছিল।
গৰাছিয়া সমাজত সংগী নিৰ্বাচনৰ বাবে এক বিশেষ মেলাৰ আয়োজন কৰা হয় য’ত কিশোৰ-কিশোৰীসকলে নিজৰ পছন্দৰ সংগী বাছি ল’ব পাৰে। বহু সময়ত এই যুগলসকল পলাই গৈ একেলগে থাকিবলৈ লয় আৰু পাছত গাঁৱলৈ ঘূৰি আহে। ইয়াৰ পাছত ল’ৰাৰ পৰিয়ালে ছোৱালীৰ পৰিয়ালক এক নিৰ্দিষ্ট পৰিমাণৰ ধন দিব লাগে। যদিহে কোনো কাৰণত সেই সম্পৰ্কটো স্থায়ী নহয় তেন্তে ছোৱালীজনীয়ে পুনৰ আন এজন সংগী বাছি ল’ব পাৰে। এই সমাজত নাৰীৰ সামাজিক অৱস্থান পুৰুষতকৈ বহু পৰিমাণে শক্তিশালী। বিয়াৰ সকলো খৰচ পুৰুষ পক্ষই বহন কৰিব লাগে আৰু সকলো নিয়ম-নীতি দৰাৰ ঘৰতহে সম্পন্ন হয়।
যদিও সময়ৰ লগে লগে এই প্ৰাচীন পৰম্পৰাত কিছু সালসলনি আহিছে তথাপিও ইয়াৰ মূল ভাৱধাৰা একেই আছে। আগৰ দিনত এই সকলোবোৰ মৌখিক বুজাবুজিৰ জৰিয়তে হৈছিল যদিও বৰ্তমান আধুনিক প্ৰশাসনৰ সৈতে খাপ খুৱাবলৈ এই বুজাবুজিৰ কথাখিনি কাগজত লিখি ৰখাৰ প্ৰৱণতা বাঢ়িছে। আশ্চৰ্যজনক কথাটো হ’ল যে এই আদিবাসী লোকসকলে চহৰীয়া সমাজৰ লিভ-ইন সম্পৰ্কৰ বিষয়ে একোৱেই নাজানে। তেওঁলোকৰ বাবে এয়া কোনো আধুনিকতা নহয় বৰঞ্চ হাজাৰ বছৰ ধৰি চলি অহা তেওঁলোকৰ নিজা সংস্কৃতিহে।





