• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ডিমাপুৰৰ লিভিষ্টোন ফাউণ্ডেশ্যন এইচ্চ এছ স্কুললৈ ভাৰতৰ শীৰ্ষতম বিদ্যালয়ৰ বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2018 3:13 pm

2 min read

Nagaland: Livingstone Foundation Higher Secondary School
484
VIEWS
Share on FacebookShare on Twitter

ইডুকেশ্যন টুডে’ৰ এটা শেহতীয়া সমীক্ষা অনুসৰি, ডিমাপুৰৰ লিভিষ্টোন ফাউণ্ডেশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয় (LFHSS) সহ-পাঠ্যক্ৰম শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষতম স্থান লাভ কৰিছে।

১৩০০তকৈও অধিক আৱেদনপত্ৰ পুনৰীক্ষণ কৰাৰ পাছত ডিমাপুৰৰ লিভিষ্টোন ফাউণ্ডেশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সমগ্ৰ ভাৰতৰ দিন ও বোৰ্ডিং  (Day-cum-Boarding School ) মাপনৰ ভিত্তিত শীৰ্ষতম শিক্ষানুষ্ঠানৰ মৰ্যাদা লাভ কৰিছে। বাংগালুৰুত অনুষ্ঠিত এখন সভাত বিদ্যালয়খনক’ ইণ্ডিয়াজ স্কুল মেৰিট এৱাৰ্ড-২০১৮’ প্ৰদান কৰা হয়।

বিদ্যালয়খনৰ সঞ্চালক আনি য়েপথমিয়ে বিদ্যালয়খনৰ হৈ এই বঁটা গ্ৰহণ কৰে। জুৰীৰ ভোট, পিতৃ-মাতৃ আৰু অভিভাৱকৰ ভোট আৰু ইডুকেশ্যন টুডেৰ দলৰ বিশ্লেষণৰ ওপৰত ভিত্তি কৰি এই বঁটা প্ৰদান কৰা হয়।

বিদ্যালয়খনে দিয়া এটা বিবৃতিত কোৱা হৈছে যে সমগ্ৰ শিক্ষাবৰ্ষতেই এই শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধিৰ বাবে কৰি যোৱা কৰ্মশালা আৰু কাম-কাজৰ বাবে বাবে বিদ্যালয়খনক এই বঁটা প্ৰদান কৰা হৈছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে বিদ্যালয়খনে শৈক্ষিক উৎকৰ্ষকতাৰ ওপৰতেই কেবল মনোযোগ নিদিয়ে, ই সহ-পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰতো অতিৰিক্ত মনোযোগ দিয়ে।

উল্লেখ্য যে বিদ্যালয়খনে বছৰৰ ২২০টা দিনৰ ভিতৰত ১৭০টা সহ-পাঠ্যকৰ্মৰ সৈতে জড়িত কাৰ্য সম্পন্ন কৰাৰ উপায় অৱলম্বলনক সমগ্ৰ দেশৰ শিক্ষাবিদসকলে ভূয়সী প্ৰশংসা কৰিছে। বিদ্যালয়খনৰ এনে ধৰণাৰ কাম-কাজে শিক্ষাৰ্থীসকলক  জীৱনৰ বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষতা সাধন কৰা সহায় কৰে।

ইয়াৰ পূৰ্বে, বিদ্যালয়খনক ভাৰতৰ দিন ও বোৰ্ডিং  শীৰ্ষ ২০খন বিদ্যালয়ৰ ভিতৰত ১৬ নম্বৰ, নাগালেণ্ড আৰু ডিমাপুৰৰ ভিতৰত ১ নম্বৰ বিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হৈছিল।

আন্তৰ্জাতিক, বোৰ্ডিং, চিবিএছই, আইচিএছই, ৰাজ্যিক, ল’ৰা আৰু ছোৱালী আৰু প্ৰাক-বিদ্যালয় শাখাত ২০০খন বিদ্যালয় আৰু ৫০খন প্ৰাক বিদ্যালয়ক এই জৰীপৰ বাবে বাচনি কৰা হৈছিল। বিদ্যালয়সমূহক শৈক্ষিক খ্যাতি, ব্যক্তিগত মনোযোগ, আন্তৰ্গাঁথনিৰ ব্যৱস্থা, উদ্ভাৱনীমূলক নেতৃত্ব যোগ্যতা, সহ-পাঠ্যক্ৰম কাৰ্যাৱলী আৰু মূল্য শিক্ষা আদি মাপনৰ যোগে মূল্যায়ন কৰা হৈছিল।

উল্লেখ্য যে ১৯৮৮ চনৰ ১৫ অক্টোবৰত লিভিংষ্টন ফাউণ্ডেশ্যন ছ’চাইটীয়ে নাগালেণ্ডৰ ৰাজধানী চহৰ ডিমাপুৰত লিভিষ্টোন ফাউণ্ডেশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd