NORTHEAST NOW (Assamese)

জাহাংগীৰপুৰীৰ উত্তেজনাৰ মাজতে দিল্লীত বিজেপি নেতাক গুলীয়াই হত্যা

April 21, 2022 1:42 pm · এন ই নাও নিউজ,গুৱাহাটী

দিল্লীৰ জাহাংগীৰপুৰীৰ উচ্ছেদ অভিযানকলৈ উত্তেজনা অব্যাহত থকাৰ সময়তে ৰাজধানী চহৰ খনত এজন বিজেপি নেতাক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

পূব দিল্লীৰ ময়ূৰ বিহাৰত স্থানীয় বিজেপি নেতা এজনক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

গুলীত নিহত বিজেপি নেতা জনৰ বয়স ৪২ বছৰ বুলি জানিব পৰা গৈছে।

নিহত বিজেপি নেতা জনক ময়ূৰ বিহাৰৰ বাসিন্দা জিতু চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে নিজৰ ঘৰৰ সন্মুখত কেইজনমান লোকৰ সৈতে কথা পাতি থকা অৱস্থাতে বুধবাৰে অচিনাক্ত মটৰ চাইকেল আৰোহীয়ে চৌধুৰীক লক্ষ্য কৰি গুলীচালনা কৰে।

বিজেপি নেতাজনৰ মূৰ আৰু পেটত চাৰিটা গুলী লাগে।

চৌধুৰীক লগে লগে নয়ডাৰ মেট্ৰ’ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

কি কাৰণত কোনে বিজেপি নেতা জনক হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related News