NORTHEAST NOW (Assamese)

‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে স্থানীয় পুৰোহিতৰ ধৰ্মীয় প্ৰমাণপত্ৰই যথেষ্ট!

March 28, 2024 3:15 pm · এন ই নাও নিউজ, গুৱাহাটী

নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ক লৈ এতিয়াও দেশত চলি আছে বিতৰ্ক। আইনখনৰ বিৰোধিতাৰে অসমৰ লগতে দেশৰ আন বহু প্ৰান্তত চলি আছে প্ৰতিবাদ। এই প্ৰতিবাদ আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ‘কা’ বলৱৎ কৰিছে।

প্ৰতিবাদৰ সমানে ‘কা’ৰ বিৰুদ্ধেউচ্চতম ন্যায়ালয়ত চলি আছে আইনী প্ৰক্ৰিয়া। তাৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘দ্য হিন্দু’ত প্ৰকাশ পাইছে এক প্ৰতিবেদন। এই প্ৰতিবেদনে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য।

প্ৰতিবেদন অনুসৰি, ‘কা’ৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাসকলক স্থানীয় পুৰোহিতেও ‘ধৰ্মীয় প্ৰমাণপত্ৰ’ প্ৰদান কৰিব পাৰে। অৰ্থাৎ আবেদনকাৰীসকলে নাগৰিকত্ব লাভৰ বাবে যোগ্যতা হিচাপে পুৰোহিতৰ প্ৰমাণপত্ৰও যথেষ্ট হ’ব।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ CAA হেল্পলাইনে এই তথ্য প্ৰদান কৰিছে বুলি স্পষ্টকৈ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। যোৱা ২১ মাৰ্চত মুকলি কৰা হেল্পলাইনত উল্লেখ কৰা হৈছে যে ১০ টকীয়া ডাকটিকট লগোৱা সাধাৰণ কাগজ বা আইনী নথিপত্ৰক ধৰ্মীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ হিচাপে বিবেচনা কৰিব পাৰি।

স্পষ্টকৈ উল্লেখ নাথাকিলেও, প্ৰতিবেদন অনুসৰি যিকোনো স্থানীয় পুৰোহিতে এই প্ৰমাণপত্ৰ প্ৰদান কৰিব পৰাকৈ অনুমোদিত হোৱাৰ ইংগিত হেল্পলাইনে বহন কৰিছে।

Related News