NORTHEAST NOW (Assamese)

ডেৰশ সাংবাদিকক সাহায্য বিতৰণ দিছপুৰ প্ৰেছ ক্লাব, জাফাৰ

May 2, 2020 10:56 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি।

লকডাউনত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ সংগ্ৰহত নানা সমস্যাৰ সন্মুখীন হোৱা গুৱাহাটীত কৰ্মৰত ডেৰশ সাংবাদিকক দিচপুৰ প্ৰেছ ক্লাবে সাহায্য প্ৰদান কৰে।

দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত জাফাৰ ভেটাপাৰাস্থিত কাৰ্যালয়ত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়।

বিতৰণ কৰা প্ৰতিটো খাদ্য-সামগ্ৰীৰ টোপোলাত আছিল ১৫ কেজি চাউল, ২ কেজি দাইল, ২ কেজি চেনি, ২ কেজি গোটা বুট, চাবোন ৫ টুকুৰা, মিঠাতেল ১ লিটাৰ আদি।

এই  খাদ্য-সামগ্ৰীৰ টোপোলাসমূহ দিছপুৰ প্ৰেছ ক্লাবক যোগান ধৰিছিল আজমল ফাউণ্ডেছনে।

একেটা অনুষ্ঠানতে সাংবাদিক/ সংবাদকৰ্মীসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰা হয়।

মাস্ক আৰু চেনিটাইজাৰসমূহ দিছপুৰ প্ৰেছ ক্লাবক যোগান ধৰিছিল ডাউন টাউন হাস্পতাল, জি এন আৰ চি হাস্পাতাল, বিজেপিৰ গুৱাহাটী মহানগৰ সমিতি আৰু অসম চৰকাৰৰ আবকাৰী বিভাগে।

উল্লেখ্য যে দিছপুৰ প্ৰেছ ক্লাব আৰু জাৰ্ণেলিষ্ট এচোছিয়েশ্বন ফৰ আসাম চমুকৈ জাফাই প্ৰেছ বিবৃতি যোগে আৰ্থিকভাৱে দুৰ্বল সাংবাদিক-সংবাদকৰ্মী সকলক সহায়ৰ হাত আগবঢ়াবলৈ অসমৰ দল-সংগঠন/ অনুষ্ঠান, প্ৰতিষ্ঠানক অনুৰোধ জনোৱাৰ পাছত সাংবাদিক সমাজক সহায়ৰ বাবে বিভিন্নজন আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

Related News