• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰীত ছাত্ৰনেতা ভৱজিতৰ মহানুভৱতা: আৰ্তজনক বিতৰণ স্ব-উৎপাদিত শাক-পাচলি

Nenow এন ই নাও নিউজ
গুৱাহাটী , May 2, 2020 10:31 pm

2 min read

Lockdown: AASU leader Bhawajit Bezbarua distributes vegetables among poor in Nalbari
466
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই লকডাউনৰ মাজতে আৰ্তজনক সহায়ৰ বাবে লৈছে শলাগ ল’বলগীয়া পদক্ষেপ।

ছাত্ৰ নেতাগৰাকীয়ে কৃষি পামত নিজে উৎপাদন কৰা শাক-পাচলি অঞ্চলটোৰ দুখীয়া পৰিয়ালসমূহৰ মাজত বিতৰণ কৰিছে।

লকডাউনত নলবাৰী জিলাখনৰ কৃষক, বনুৱা, দিনমজুৰ, চালকসকল ভীষণ প্ৰত্যাহ্বানৰ মুখত পৰিছে।

দৰিদ্ৰ লোকসকলক চৰকাৰে চাউল যোগান ধৰিছে যদিও তেওঁলোক দালি, মিঠাতেল আৰু কেঁচা শাক-পাচলিৰ ভীষণ সমস্যাত পৰিছে।

ছাত্ৰ নেতাজন আৰু তেওঁৰ সতীৰ্থ প্ৰগতিশীল চিন্তাৰ যুৱককেইজনমানে উৎপাদিত শাক–পাচলিসমূহ বিক্ৰীৰ পৰিৱৰ্তে লকডাউনৰ মাজতে ভগাই দিয়াৰ সিদ্ধান্ত কৰে।

স্বাৱলম্বনৰ কথা চিন্তা কৰি ভৱজিত বেজবৰুৱাই ধীমান শৰ্মা, বিশ্বজিৎ ভৰালী,মতলেৱ আলী, দেৰাজ আলী আৰু হৰগোবিন্দ তালুকদাৰক সহযোগী হিচাপে লৈ জিলাখনৰ গোৱৰাদলত কৃষিপামখন গঢ়ি তুলিছে।

চৰকাৰী আঁচনিৰ সহায় সহযোগ অবিহনে প্ৰায় ২৫ বিঘা কৃষিভূমিত ছাত্ৰ নেতাগৰাকীয়ে আলু, সৰিয়হ, ৰঙালাউ, ধনীয়াৰ উপৰি বাৰিষাৰ বতৰত হোৱা কেঁচা শাক–পাচলি উৎপাদন কৰিবলৈ সক্ষম হয়।

লকডাউনৰ মাজত কৰ্মহীন হৈ পৰা দৈনিক মজুৰিৰে পৰিয়াল পোহপাল দিয়া লোকসকলক যুৱককেইজনৰ এই পদক্ষেপে যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে।

দুৰ্য্যোগৰ সময়ত যুৱককেইজনে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন নাগৰিকসকলে প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে ছাত্ৰ নেতাজনে লকডাউনৰ মাজতে নিজৰ ঘৰতে অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰো ব্যৱস্থা কৰিছে।

Recent News

_89994403_ladies_special_bus_-4

বিশ্ব নাৰী দিৱসৰ দিনাই বৃহৎ ঘোষণা : ৰাজ্যজুৰি মহিলাৰ বাছ ভাৰা ৰেহাই দিব দেশৰ এখন ৰাজ্য চৰকাৰে

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd