NORTHEAST NOW (Assamese)

ক’ভিড ৰোগীৰ সংখ্যা কমি অহাৰ পিচতো তৃতীয়বাৰৰ বাবে লকডাউন বৃদ্ধি বিশ্বনাথত  

July 19, 2021 7:30 pm · কাজী জেইদুল ইছলাম
Updated: July 19, 2021 7:43 pm

ইতিমধ্যে  অসম চৰকাৰে প্ৰকাশ কৰিছে ক’ভডি সম্পৰ্কীয় নতুন SOP ।

বিশ্বনাথৰ লগতে ৰাজ্যৰ  আন কেইবাখনো জিলা ক্ৰমে গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰত  বাহাল থাকিব ‘Total Containment’ জিলা হিচাপে  সম্পূৰ্ণ সান্ধ্য আইন অব্যাহত থকাৰ কথা স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ।

পৰৱৰ্তী এসপ্তাহলৈ প্ৰযোজ্য থাকিব এই নিৰ্দেশাৱলী। অৱশ্যে গেলামালৰ দোকানৰ লগতে শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব বুলি ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশনাৱলী অনুসৰি  অৱগত কৰিছে ।

এই সন্দৰ্ভত বিশ্বনাথ জিলাৰ বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে , যিহেতু ক্ৰমান্বয়ে জিলা খনত হ্ৰাস পাই আহিছিল ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।

সেই অনুসৰি জিলাবাসীয়ে জিলাখনত কিছু শিথিলতা হোৱাৰ যথেষ্ট সম্ভাৱনা বুলি আশা কৰিছিল যদিও পুনৰ জিলা খনত বন্ধ বৃদ্ধি কৰাৰ বাবে এই ক্ষেত্ৰত সচেতন মহলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

উল্লেখ্য যে বাতৰি লিখা পৰলৈকে জিলা খনত সক্ৰিয় ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা হ’ল ৩৯৯ জন ।

Related News