বৰ্তমান চলি থকা ল’কডাউনৰ ফলত মহা সংকটত পৰিছে মাজুলী ভকতচাপৰিৰ কুঁহিয়াৰ খেতিয়কসকল। যোৱা এপষেক ধৰি কাম-বন, বজাৰ-সমাৰ সকলো বন্ধ হৈ পৰাত অঞ্চলটোৰ কৃষক ৰাইজে অনাগত দিনত পৰিয়াল পোহপাল দিয়াক লৈ যথেষ্ট উৎকণ্ঠাত দিন পাৰ কৰিব লগাত পৰিছে।
প্ৰায় ১৮খন গাঁৱৰ সমষ্টি মাজুলীৰ ভকতচাপৰি এনে এটা অঞ্চল য’ত ১০০ শতাংশ লোকৰ জীৱনেই কৃষিকাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰে। বছৰৰ বিভিন্ন সময়ত বিবিধ শস্য উৎপাদন কৰি মাজুলীৰ গ্ৰাম্য অৰ্থনীতিক গতিশীল কৰি তুলিছে ইয়াৰ কৃষকসকলে।
বিবিধ শস্য উৎপাদন কৰিলেও অঞ্চলটোৰ খেতিয়সকলে কুঁহিয়াৰ খেতিত বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়। চৰকাৰী তথ্য মতে ভকতচাপৰিত মুঠ ১৫০ হেক্টৰ কৃষিভূমিত প্ৰায় ৩৭০ পৰিয়ালে কুঁহিয়াৰ খেতি কৰে।
কিন্তু অঞ্চলটোত এতিয়া বিঘাই বিঘাই কুঁহিয়াৰ খেতি পথাৰতে শুকাই যোৱাৰ উপক্রম ঘটিছে। ল’কডাউনৰ ফলত জিলা প্ৰশাসনৰ নিৰ্দেশনা তথা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে সকলো ধৰণৰ কৃষিকৰ্মৰ পৰা বিৰত থকাত উৎপাদিত ফচল নষ্ট হোৱা নীৰৱে চাই থাকিব লগীয়া হৈছে।
গুড় উৎপাদন কৰি অৰ্জা ধনেৰেই সাধাৰণতে পৰিয়ালসমূহ চলি থাকে। তেনেস্থলত এতিয়া কেনিও ওলাব নোৱাৰা পৰিৱেশত কুঁহিয়াৰ খেতি চপাই পেড়ি গুড় তৈয়াৰ কৰাটো সম্ভৱ হোৱা নাই যদিও কোনোৱে লুকাই চুৰকৈ গুড় উৎপাদন কৰিছে যদিও বিক্ৰীৰ কোনো ব্যবস্থা নোহোৱাত হতাশ হৈ পৰিছে খেতিয়কসকল।
কৃষকসকলৰ মতে পৰিয়ালৰ পোহপাল, স্বাস্থ্য, ল’ৰা-ছোৱালীৰ শিক্ষা সকলো নিৰ্ভৰ কৰে কৃষিৰ ওপৰতে। এটা বছৰত যদিহে কিবা কাৰণত খেতিৰ উৎপাদিত ফচল লাভ কৰিব নোৱাৰে তেতিয়া কেবাটাও বছৰলৈ ইয়াৰ কুফল ভোগ কৰিব লগা হয় কৃষক পৰিয়ালসমূহে।
ইতিমধ্যে প্ৰায়বোৰ কুঁহিয়াৰ খেতি পথাৰতে সুকাইছে আৰু অধিক দিন এনেকৈ থাকিলে কুঁহিয়াৰৰ ৰস নোহোৱা হৈ পৰিব আৰু চৰম দূৰ্দশা ভোগ কৰিব লাগিব কৃষকসকলে। এনে পৰিস্থিতিত ল’কডাউনৰ বিধি বিধান মানি কৃষিকাৰ্যত কৃষকসকলে মনোনিবেশ কৰিব পৰাকৈ তাৎক্ষণিক ব্যবস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক ভকতচাপৰিৰ ৰাইজে অনুৰোধ জনাইছে।