NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ৮২টা স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা প্ৰশাসনৰ

April 6, 2020 11:05 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজত গুৱাহাটী মহানগৰত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৮২টা স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিছে।

অহা ৮ এপ্ৰিলৰ পৰা কামৰূপ মহানগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদে ভ্ৰাম্যমাণ ভিত্তিত শাক-পাচলি যোগান ধৰিব।

পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত এই শাক-পাচলিৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

শাক-পাচলি বিক্ৰীৰ সময়ত বিক্ৰেতা আৰু গ্ৰাহকে কৰ’নাভাইৰাছ বিৰুদ্ধে স্বাস্থ্য বিভাগ আৰু চৰকাৰে দিয়া বিধি-বিধান আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা মানি চলিব লাগিব।

শাক-পাচলি ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে ভিৰ কৰিব নোৱাৰিব আৰু সামাজিক দূৰত্ব বজাই চলিব লাগিব।

তাৰোপৰি প্ৰশাসনে অনুমতি দিয়া বাহনতহে বিক্ৰেতাসকলে শাক-পাচলি বিক্ৰীৰ বাবে আনিব পাৰিব।

বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত প্ৰশাসনে আৰু অধিক স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা কৰিব বুলি বিবৃতিত প্ৰকাশ।

Related News