সপক্ষে ৪৫৪টা, বিপক্ষে মাত্ৰ ২টা ভোট; লোকসভাত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

বিপক্ষে ভোট দিলে মাত্ৰ ২ জন সাংসদে। পক্ষত থাকিল ৪৫৪ জন সাংসদ। মহিলা সংৰক্ষণ বিধেয়কক লৈ দিনটোৰ উত্তপ্ত বিতৰ্কৰ অন্তত লোকসভাত নাৰী শক্তিবন্ধন আইন বা মহিলা সুৰক্ষা বিধেয়ক গৃহীত হয়।কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন সিং মেঘৱালে বুধবাৰে লোকসভাত উত্থাপন কৰে এই বিধেয়কখন। বিধেয়কখনত লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ কথা কোৱা হৈছে।

বুধবাৰে পুৱা ১১ বজাৰ পৰা লোকসভাত বিধেয়ক সন্দৰ্ভত আলোচনা আৰম্ভ হয়। আলোচনা চলি থকাৰ লগে লগে সংসদৰ কাৰ্য্যবিধিৰ নিৰ্ধাৰিত সময় শেষ হৈ যায়। অৱশ্যে ভোট গ্ৰহণ নোহোৱালৈকে অধিৱেশন চলি থাকিব বুলি সিদ্ধান্ত লোৱা হয়।

লোকসভাত বিধেয়কখন গৃহীত কৰিবলৈ দুই তৃতীয়াংশ ভোটৰ প্ৰয়োজন হৈছিল। জানিব পৰা মতে, এই আই আই এম আই এমৰ দুজন সাংসদ আছাদুদ্দিন ৱাইছি আৰু ইমতিয়াজ জলিলৰ বাহিৰে সকলো সাংসদে এই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত এই বিধেয়ক সন্দৰ্ভত কৈছিল যে এই বিধেয়কখনে মহিলাক তিনিওটা শিতানকে সুৰক্ষা প্ৰদান কৰিব – সাধাৰণ, অনুসূচিত জাতি আৰু জনজাতি। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত, লোকপিয়ল আৰু লোকসভা আৰু বিধানসভাৰ আসন পুনৰ নিৰ্দ্ধাৰণৰ পিছত বিধেয়কখন কাৰ্যকৰী হ’ব বুলিও তেওঁ কয়।

তেওঁ কয় যে নির্বাচনৰ পাছত অতি সোনকালে লোকপিয়ল আৰু আসনৰ পুনৰ্নিদ্ধাৰণৰ কাম কৰা হ’ব৷ তেওঁ লগতে কয় যে এই বিধেয়কৰ ফলত সংসদত মহিলাৰ অধিক প্ৰতিনিধিত্ব সম্ভৱ হ’ব।

বিধেয়কখনত লোকসভা আৰু বিধান সভাৰ মুঠ আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত কৰাৰ কথা কোৱা হৈছে। ইতিমধ্যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনসমূহো এই মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ অধীনত আহিব।

মনমোহন সিং চৰকাৰেও ২০০৮ চনত অনুৰূপ আইন প্ৰৱৰ্তনৰ চেষ্টা কৰিছিল। অৱশ্যে ২০১০ চনত ৰাজ্যসভাই বিধেয়কখন গৃহীত কৰিছিল যদিও আইনত পৰিণত হোৱা নাছিল।

কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাত কয় যে বিধেয়কখন কংগ্ৰেছে সমৰ্থন কৰিছে। অৱশ্যে এই সংৰক্ষণ কিয় লোকপিয়ল আৰু আসন পুননিৰ্দ্ধাৰণৰ ওপৰত নিৰ্ভৰশীল তাকলৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষণ নিশ্চিত কৰিবলৈ জাতিভিত্তিক লোকপিয়লৰ প্ৰয়োজন বুলিও তেওঁ কয়। ৰাহুল গান্ধীয়ে কয় যে এই বিধেয়কত পিছপৰা শ্ৰেণীৰ বাবেও সংৰক্ষণ ৰখা উচিত আছিল।