• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 5, 2019 4:27 pm

2 min read

nomination

ধুবুৰীত মনোনয়ন দাখিলৰ সময়ত সমৰ্থক। ফটো উৎস : ফে'চবুক

458
VIEWS
Share on FacebookShare on Twitter

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অসমত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া ৪টা সমষ্টিৰ বাবে আজি অন্তিম দিনটোত যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে তেওঁলোকে মনোনয়ন দাখিল কৰিব পাৰিব।

আনহাতে, মনোনয়ন পত্ৰসমূহ অহা ৫ এপ্ৰিলত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ৮ এপ্ৰিল।

অসমত তৃতীয় পৰ্যায়ত অহা ২৩ এপ্ৰিলত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ ৯,৫৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৭৪,০৭,৮২৪ গৰাকী।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে গুৱাহাটীত কংগ্ৰেছৰ ববিতা শৰ্মা, বিজেপিৰ কুইন ওজা, নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা, জোনমণি দেৱী খাউণ্ডকে ধৰি আন বহুতো লোকে মনোনয়ন দাখিল কৰিছে।

বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেক, অগপৰ কুমাৰ দীপক দাস, এ আই য়ু ডি এফৰ ড° হাফিজ ৰফিকুল ইছলামৰ লগতে অন্যান্য দলৰ বহু কেইজনে এতিয়ালৈ দাখিল কৰিছে মনোনয়ন।

ঠিক সেইদৰে ধুবুৰীত মনোনয়ন দাখিল কৰিছে এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল, অগপৰ জাৱেদ ইছলাম, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে।

আনহাতে কোকৰাঝাৰ সমষ্টিতো এই পৰ্যন্ত প্ৰায়বোৰ শীৰ্ষ নেতায়ে নিজৰ নিজৰ মনোনয়নপত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে। এই পৰ্যন্ত সমষ্টিটোত মনোনয়ন দাখিল কৰা প্ৰাৰ্থী কেইগৰাকী হৈছে বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, চি পি আই এমৰ বিৰাজ ডেকাৰ লগতে কংগ্ৰেছৰ শব্দ ৰাভা।

উল্লেখ্য যে মনোনয়ন দাখিলৰ আজি অন্তিমতো দিনত সমষ্টি কেইটাৰ পৰা আৰু বহু কেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd