NORTHEAST NOW (Assamese)

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন

April 4, 2019 10:12 am · এন ই নাও নিউজ
Updated: April 5, 2019 4:27 pm
ধুবুৰীত মনোনয়ন দাখিলৰ সময়ত সমৰ্থক। ফটো উৎস : ফে'চবুক

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অসমত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া ৪টা সমষ্টিৰ বাবে আজি অন্তিম দিনটোত যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে তেওঁলোকে মনোনয়ন দাখিল কৰিব পাৰিব।

আনহাতে, মনোনয়ন পত্ৰসমূহ অহা ৫ এপ্ৰিলত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ৮ এপ্ৰিল।

অসমত তৃতীয় পৰ্যায়ত অহা ২৩ এপ্ৰিলত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ ৯,৫৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৭৪,০৭,৮২৪ গৰাকী।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে গুৱাহাটীত কংগ্ৰেছৰ ববিতা শৰ্মা, বিজেপিৰ কুইন ওজা, নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা, জোনমণি দেৱী খাউণ্ডকে ধৰি আন বহুতো লোকে মনোনয়ন দাখিল কৰিছে।

বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেক, অগপৰ কুমাৰ দীপক দাস, এ আই য়ু ডি এফৰ ড° হাফিজ ৰফিকুল ইছলামৰ লগতে অন্যান্য দলৰ বহু কেইজনে এতিয়ালৈ দাখিল কৰিছে মনোনয়ন।

ঠিক সেইদৰে ধুবুৰীত মনোনয়ন দাখিল কৰিছে এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল, অগপৰ জাৱেদ ইছলাম, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে।

আনহাতে কোকৰাঝাৰ সমষ্টিতো এই পৰ্যন্ত প্ৰায়বোৰ শীৰ্ষ নেতায়ে নিজৰ নিজৰ মনোনয়নপত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে। এই পৰ্যন্ত সমষ্টিটোত মনোনয়ন দাখিল কৰা প্ৰাৰ্থী কেইগৰাকী হৈছে বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, চি পি আই এমৰ বিৰাজ ডেকাৰ লগতে কংগ্ৰেছৰ শব্দ ৰাভা।

উল্লেখ্য যে মনোনয়ন দাখিলৰ আজি অন্তিমতো দিনত সমষ্টি কেইটাৰ পৰা আৰু বহু কেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে।

Related News