লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : লখিমপুৰ লোকসভা সমষ্টি

loksabha-election-information-on-lakhimpur-constituency

ধেমাজি জিলাৰ সম্পূৰ্ণ অংশ আৰু লখিমপুৰ, মাজুলী, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ একাংশ সামৰি গঠন হৈছে লখিমপুৰ লোকসভা সমষ্টি এই সমষ্টিটো সংৰক্ষিত।

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ

মুঠ ভোটকেন্দ্ৰ আছে ২১১০টা

১৯৬৭ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বিশ্বনাৰায়ণ শাস্ত্ৰী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্তমান বিজেপিৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে প্ৰদান বৰুৱা। সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ বাবে সমষ্টিটো ত্যাগ কৰাত বৰুৱা ২০০১৬ চনৰ নৱেম্বৰত হোৱা উপ নিৰ্বাচনত সমষ্টিটোৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে। ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ পৰা জোনাইৰ বিধায়কৰূপে নিৰ্বাচিত হৈছিল।

লোকসভা সমষ্টিটো বিধানসভাৰ টা সমষ্টি অন্তৰ্গত। তাৰে জোনাই আৰু মাজুলী সমষ্টি অনুসূচিত জনজাতি সংৰক্ষিত

১। মাজুলী  (বিজেপিৰ দখলত, বিধায়ক সৰ্বানন্দ সোণোৱাল)

২।নাওবৈচা (এ আই ইউ দি এফৰ দখলত, বিধায়ক মামুন ইমদাদুল হক চৌধুৰী)

৩। ঢকুৱাখনা (বিজেপিৰ দখলত, বিধায়ক নৱ কুমাৰ দলে)

৪। ধেমাজি (বিজেপিৰ দখলত, বিধায়ক ৰণোজ পেগু)

৫। জোনাই (নিৰ্দলীয়/ বিজেপিৰ সমৰ্থক, বিধায়ক ভুৱন পেগু)

৬। চাবুৱা (বিজেপিৰ দখলত, বিধায়ক বিনোদ হাজৰিকা)

৭। ডুমডুমা (কংগ্ৰেছৰ দখলত, বিধায়ক দুৰ্গা ভূমিজ)

৮। শদিয়া (বিজেপিৰ দখলত, বিধায়ক বলিন চেতিয়া)

উল্লেখযোগ্য যে বিগত নিৰ্বাচন সমূহত লোকসভা সমষ্টিটোত মূলত কংগ্ৰেছ দলৰ আধিপত্য চলি আহিছে যদিও ইয়াৰ মাজতে ’৮৫ত গকুল শইকীয়া, ’৯৬ আৰু ২০০৪ত অগপৰ অৰুণ কুমাৰ শৰ্মা, ২০১৪ আৰু ’১৬ত ক্ৰমে বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু প্ৰদান বৰুৱা জয়লাভ কৰিছে।

২০১৬ চনৰ উপ নিৰ্বাচনত প্ৰদান বৰুৱাই ৫৫১৬৬৩টা ভোট লাভ কৰাৰ বিপৰীতে  দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ হেম হৰিপ্ৰসন্ন পেগুৱে পাই ৩৬১৪৪৪টা ভোট। তদুপৰি নিৰ্দলীয় প্ৰাৰ্থী দিলীপ মৰাণে ৪২৬৬৭টা, চি পি আই (এম)ৰ অমিয় কুমাৰ সন্দিকৈয়ে ২০৬১৩টা, এচ ইউ চি আই (চি)ৰ হেম কান্ত মিৰিয়ে ১২৪০২টা ভোট পোৱাৰ বিপৰীতে ন’টাত পৰে ১৬,৪৩৮টা ভোট।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ১২জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। তেওঁলোক ক্ৰমেকংগ্ৰেছৰ অনিল বৰগোহাঁই, বিজেপি প্ৰদান বৰুৱা, চি পি আইৰ অৰূপ কলিতা, চি পি আই (এম)ৰ অমিয় কুমাৰ সন্দিকৈ, অসম দৃষ্টি পাৰ্তিৰ দিলীপ মৰাণ, ভোটাৰ্চ ইণ্টাৰনেচনেল পাৰ্টিৰ ভূপেন নৰহ, এচ ইউ চি আই (চি)ৰ হেম কান্ত মিৰি, এ পি পিৰ অনুপ প্ৰতীম বৰবৰুৱা, অসম জনমৰ্চাৰ উবেদুৰ ৰহমান আৰু নিৰ্দলীয় পূৰ্ণকান্ত দেউৰী, প্ৰভু লাল বৈষ্ণৱ আৰু আম্বাজ উদ্দিন।