• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাওঁ লোকসভা সমষ্টি: হাত নে পদুম?

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , April 6, 2019 7:46 pm

3 min read

Loksabha election: Who will be the winner in Assam's Nagaon constituency?

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

571
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী ধামখুমীয়াৰ মাজত ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ মাজত চলিছে ভোটৰ অংক। কোনে কাৰ সমৰ্থন আদায় কৰিব পাৰে তাক লৈ চলিছে সমীকৰণ। তেনে সময়ছোৱাত এতিয়া প্ৰশ্ন আহিছে নগাওঁ লোকসভা সমষ্টিক লৈ।

কাৰণ দীৰ্ঘ দিন ধৰি স্থিতাৱস্থা অক্ষুন্ন থকা নগাঁৱৰ ৰাজনীতিয়ে এইবাৰ কি ফলাফল দেখুৱাব সেয়া এতিয়া সকলোৰে বাবে লক্ষণীয় হৈ পৰিছে।

সুদীৰ্ঘ দুই দশক সমষ্টিটো বিজেপিৰ দখলত আছে। মোদী আবিৰ্ভাৱৰ পূৰ্বে অতি বেয়া দিনতো যেতিয়া এই সমষ্টিটোত এজনো বিজেপি বিধায়ক নাছিল বা ২০০৪ বা ২০০৯ চনত এজন মাত্ৰ বিধায়ক থকাৰ সময়তো সংসদীয় নিৰ্বাচনত জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী।

কিন্তু বিজেপিৰ ধাৰাবাহিক জয়যাত্ৰা এইবাৰ অব্যাহত থাকিবনে নাই সেয়াও এক চিন্তাৰ বিষয় হৈ পৰিছে। কাৰণ কেইবাটাও কাৰকে এইবাৰ সমষ্টিটোত বিজেপিৰ প্ৰতি শংকাৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।

নগাঁৱত এইবাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত। নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা নগাঁৱৰ এজন প্ৰতিস্থিত ব্যৱসায়ী হোৱাৰ উপৰিও পূৰ্বৰে পৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত। ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ স্থায়ী বাসিন্দা নহয়।

তেনেক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈক লৈ সন্তুষ্ট হ’ব পৰা নাই নগাঁৱৰ বহু ভোটাৰ। নগাঁৱৰ এজন ভোটাৰে আমাৰ আগত এইদৰে মত প্ৰকাশ কৰে, ‘কংগ্ৰেছৰ প্ৰতি আমাৰ সমৰ্থন আছে কিন্তু নগাঁৱত এজন আন ঠাইৰ ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া কথাটো ভাল পোৱা নাই’।

নগাঁৱৰ আটাইকেইটা বিধানসভা সমষ্টিতেই কংগ্ৰেছৰ এক শক্তিশালী ভেটি থকাৰ পাছতো প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ প্ৰাৰ্থিত্ব দিয়াক লৈ সন্তুষ্ট নহয় দলৰেই একাংশ লোক।

অৱশ্যে ইয়াৰ বিপৰীতে ৰূপক শৰ্মাৰ ক্ষেত্ৰত কেইবাটাও প্ৰতিবন্ধকতাই দেখা দিছে। ইয়াৰ ভিতৰত এটা হৈছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বঢ়মপুৰৰ অগপ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ অসহযোগ। কাৰণ মহন্তৰ প্ৰতি বঢ়মপুৰৰ উপৰিও নগাঁৱৰ আন স্থানতো আছে এক বৃহৎ জনসমৰ্থন।

অগপ-বিজেপিৰ মিত্ৰতাৰ প্ৰকাশ্যে বিৰোধিতা কৰা আৰু নাগৰিকত্ব বিধেয়কৰ পক্ষত থকা দলক ভোট নিদিবলৈ মহন্তই কৰা আহ্বানে নগাঁৱত বিজেপিৰ বাবে যে সমস্যাৰ সৃষ্টি কৰিছে সেয়া নিশ্চিত।

সমষ্টিটোৰ অন্তৰ্গত ৰহাৰ এজন আঞ্চলিকতাবাদত বিশ্বাসী ভোটাৰে আমাক কয়, ‘প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতিক মই সমৰ্থন কৰিছো। বিজেপি শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰিম বুলি ঘোষণা কৰাৰ পাছতো অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰাতো লজ্জাজনক। আমি বিধেয়কৰ বিৰোধিতা কৰি যাম’।

একেদৰে, কামপুৰ আৰু যমুনামুখ আৰু মৰিগাঁৱৰ কেইবাজনো ভোটাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতিকেই সমৰ্থন জনায়। লগতে একাংশই কংগ্ৰেছক ভোট নিদিয়ে যদিও ‘কেব’ অনা বিজেপিকো সমৰ্থন নকৰে বুলিও আমাৰ আগত মন্তব্য প্ৰকাশ কৰিছে।

ইপিনে, জাগীৰোড আৰু মৰিগাঁৱত কাগজ কল বন্ধ হৈ যোৱাক লৈ উঠিছে এক বিজেপিবিৰোধী ঢৌ। ইতিমধ্যে এইচ পি চি পে’পাৰ মিল ৰিভাইভেল একচন কমিতিয়ে এই নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ৰাইজলৈ আহ্বান জনাইছে। যিয়ে এতিয়া বিজেপিৰ বাবে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে।

ইপিনে, চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁইক বঞ্চিত কৰি ৰূপক শৰ্মাৰ দলে টিকট দিয়াৰ পাছত ৰাজেন গোহাঁইৰ স্থিতি এতিয়াও অস্পষ্ট হৈ আছে।

ইয়াৰ উপৰিও নগাওঁ সমষ্টিত এ আই য়ু ডি এফে কোনো প্ৰাৰ্থী অৱতীৰ্ণ নকৰাতো কংগ্ৰেছৰ বাবে সুখবৰ। কাৰণ নগাঁৱৰ সংখ্যলঘু অধ্যুষিত প্ৰতিটো অঞ্চলতে এ আই য়ু ডি এফৰ সুদৃঢ় ভেটি আছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০.১৭% ভোট লাভ কৰাৰ বিপৰীতে এ আই য়ু ডি এফে পাইছিল ২৫.৫৩% ভোট। সেইবাৰ কংগ্ৰেছে পাইছিল ২৮.৫০% ভোট। কিন্তু এই আই য়ু ডি এফৰ সেইসকল ভোটাৰে এ আই য়ু ডি এফৰ অনুপস্থিতিত কংগ্ৰেছক সমৰ্থন কৰাতো নিশ্চিত।

গতিকে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ যাত্ৰা পথত যে বহু কেইটা সমস্যাই দেখা দিছে সেই কথা স্পষ্ট হৈ পৰিছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd