• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ অসমবাসীক মুকলি আহ্বান আছুৰ

নাগৰিকত্ব বিধেয়ক গৃহীতকৰণৰ স্পষ্ট সংকল্পৰে নতুন দিল্লীত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় ইস্তাহাৰ প্ৰকাশ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 8, 2019 5:24 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীতকৰণৰ স্পষ্ট সংকল্পৰে বিজেপিয়ে সোমবাৰে দেশৰ সমাগত লোকসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় ইস্তাহাৰ প্ৰকাশ কৰাৰ লগে লগে জাঙুৰ খাই উঠা সদৌ অসম ছাত্ৰ সন্থাই দলটোক নিৰ্বাচনত “উচিত প্ৰত্যুত্তৰ” দিবলৈ অসমৰ ৰাইজক মুকলি আহ্বান জনাইছে।

“ইয়াৰ পিছত আৰু বহি থকাৰ কথা নাই। গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে এই দলটোক উচিত প্ৰত্যুত্তৰ দি অসমৰ ওপৰত জাপি দিব খোজা এনেধৰণৰ জাতিধ্বংসী সিদ্ধান্ত বিতাড়িত কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। অসমৰ জনসাধাৰণক তেওঁলোকে যোৱা ৫ বছৰে নিৰ্য্যাতন কৰিছে। ৰাইজে যদি কঠোৰ আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে তেওঁলোকে আৰু আমাক এইধৰণে অত্যাচাৰ, নিৰ্য্যাতন কৰিব নোৱাৰিব।”, নতুন দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ইস্তাহাৰখন মুকলি কৰাৰ লগে লগে গুৱাহাটীত এক জৰুৰী সংবাদমেলযোগে এই আহ্বান আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ।

Apply Now

বিজেপিক পুলিয়ে-পোখাই উভালাৰ আহ্বান জনাই আছুৰ সভাপতিজনে লগতে অভিযোগ কৰে যে দলটোৱে জনসাধাৰণক বিপথে পৰিচালিত কৰি ভোট আদায়ৰ বাবে “কাৰচাজি”ৰ কৌশল লৈছে।

“সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ অসমৰ জনসাধাৰণক তেওঁলোকে হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিব। আৰু নাগৰিকত্ব বিধেয়ক আমাৰ ওপৰত জাপি দি আমাৰ সভ্যতা-সংস্কৃতি বিনাশ কৰিব।”, গেৰুৱা দলৰ ধৰ্মীয় মেৰুকৰণৰ “অপসংস্কৃতি” সন্দৰ্ভত অসমৰ ৰাইজলৈ সাৱধানবাণী নাথৰ।

গেৰুৱা দলৰ বিৰুদ্ধে ভোটদানৰ বিকল্প হিচাপে কোনো দলৰে নাম নলৈ “জাতিধ্বংসী” নাগৰিকত্ব বিধেয়ক বিৰোধিতাক নিৰ্বাচনৰ আধাৰৰূপে ল’বলৈ সংগঠনটোৱে আহ্বান জনাইছে। বিধেয়ক “বিৰোধী” অগপই নিৰ্বাচনৰ পূৰ্বে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা গঢ়াৰ বিপৰীতে গেৰুৱা দলৰ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছে নিজৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত বিধেয়ক চূড়ান্তভাৱে “বাতিল”ৰ ঘোষণা কৰিছে।

This loksabha election give BJP a fitting reply, AASU pleads people of Assam
বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰৰ ঘোষণাৰ স্নেপ শ্বট।

লগতে পঢ়ক– কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত নাগৰিকত্ব বিধেয়ক বাতিলৰ প্ৰতিশ্ৰুতি

আনহাতে বিজেপিৰ আকোৰগোঁজালিৰ বিপৰীতে বিধেয়কবিৰোধী আন্দোলন অব্যাহত থাকিব বুলিও ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে।

“বিধেয়কখন প্ৰতিহত কৰিবৰ কাৰণে যত যি কৰিব লাগে কৰিবলৈ ছাত্ৰ সন্থা বদ্ধপৰিকৰ।”, অসম তথা উত্তৰ-পূবৰ ৰাইজক লগত লৈ ছাত্ৰ সন্থাসহ ৩০টা সংগঠন আৰু নেছ’ই বিধেয়কবিৰোধী আন্দোলন চলাই নিব বুলি বিজেপি নেতৃত্বাধীন চৰকাৰক সকীয়াই মন্তব্য নাথৰ।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd