• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ অসমবাসীক মুকলি আহ্বান আছুৰ

নাগৰিকত্ব বিধেয়ক গৃহীতকৰণৰ স্পষ্ট সংকল্পৰে নতুন দিল্লীত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় ইস্তাহাৰ প্ৰকাশ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 8, 2019 5:24 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

798
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক গৃহীতকৰণৰ স্পষ্ট সংকল্পৰে বিজেপিয়ে সোমবাৰে দেশৰ সমাগত লোকসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় ইস্তাহাৰ প্ৰকাশ কৰাৰ লগে লগে জাঙুৰ খাই উঠা সদৌ অসম ছাত্ৰ সন্থাই দলটোক নিৰ্বাচনত “উচিত প্ৰত্যুত্তৰ” দিবলৈ অসমৰ ৰাইজক মুকলি আহ্বান জনাইছে।

“ইয়াৰ পিছত আৰু বহি থকাৰ কথা নাই। গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে এই দলটোক উচিত প্ৰত্যুত্তৰ দি অসমৰ ওপৰত জাপি দিব খোজা এনেধৰণৰ জাতিধ্বংসী সিদ্ধান্ত বিতাড়িত কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। অসমৰ জনসাধাৰণক তেওঁলোকে যোৱা ৫ বছৰে নিৰ্য্যাতন কৰিছে। ৰাইজে যদি কঠোৰ আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে তেওঁলোকে আৰু আমাক এইধৰণে অত্যাচাৰ, নিৰ্য্যাতন কৰিব নোৱাৰিব।”, নতুন দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ইস্তাহাৰখন মুকলি কৰাৰ লগে লগে গুৱাহাটীত এক জৰুৰী সংবাদমেলযোগে এই আহ্বান আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ।

বিজেপিক পুলিয়ে-পোখাই উভালাৰ আহ্বান জনাই আছুৰ সভাপতিজনে লগতে অভিযোগ কৰে যে দলটোৱে জনসাধাৰণক বিপথে পৰিচালিত কৰি ভোট আদায়ৰ বাবে “কাৰচাজি”ৰ কৌশল লৈছে।

“সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ অসমৰ জনসাধাৰণক তেওঁলোকে হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিব। আৰু নাগৰিকত্ব বিধেয়ক আমাৰ ওপৰত জাপি দি আমাৰ সভ্যতা-সংস্কৃতি বিনাশ কৰিব।”, গেৰুৱা দলৰ ধৰ্মীয় মেৰুকৰণৰ “অপসংস্কৃতি” সন্দৰ্ভত অসমৰ ৰাইজলৈ সাৱধানবাণী নাথৰ।

গেৰুৱা দলৰ বিৰুদ্ধে ভোটদানৰ বিকল্প হিচাপে কোনো দলৰে নাম নলৈ “জাতিধ্বংসী” নাগৰিকত্ব বিধেয়ক বিৰোধিতাক নিৰ্বাচনৰ আধাৰৰূপে ল’বলৈ সংগঠনটোৱে আহ্বান জনাইছে। বিধেয়ক “বিৰোধী” অগপই নিৰ্বাচনৰ পূৰ্বে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা গঢ়াৰ বিপৰীতে গেৰুৱা দলৰ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছে নিজৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত বিধেয়ক চূড়ান্তভাৱে “বাতিল”ৰ ঘোষণা কৰিছে।

This loksabha election give BJP a fitting reply, AASU pleads people of Assam
বিজেপিৰ ৰাষ্ট্ৰীয় ইস্তাহাৰৰ ঘোষণাৰ স্নেপ শ্বট।

লগতে পঢ়ক– কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত নাগৰিকত্ব বিধেয়ক বাতিলৰ প্ৰতিশ্ৰুতি

আনহাতে বিজেপিৰ আকোৰগোঁজালিৰ বিপৰীতে বিধেয়কবিৰোধী আন্দোলন অব্যাহত থাকিব বুলিও ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে।

“বিধেয়কখন প্ৰতিহত কৰিবৰ কাৰণে যত যি কৰিব লাগে কৰিবলৈ ছাত্ৰ সন্থা বদ্ধপৰিকৰ।”, অসম তথা উত্তৰ-পূবৰ ৰাইজক লগত লৈ ছাত্ৰ সন্থাসহ ৩০টা সংগঠন আৰু নেছ’ই বিধেয়কবিৰোধী আন্দোলন চলাই নিব বুলি বিজেপি নেতৃত্বাধীন চৰকাৰক সকীয়াই মন্তব্য নাথৰ।

Tags: নিৰ্বাচন ২০১৯

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd