DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যাম: লাভলীনা বৰগোঁহাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 11:00 am
Lovlina press meet
178
VIEWS
Share on FacebookShare on Twitter

হোটেল তাজ ভিভান্টাত অলিম্পিক পদক অৰ্জন কৰা লাভলীনা বৰগোঁহাইয়ে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি লাভলীনাই কয়,”ভাৰতৰ শিক্ষা ব্যৱস্থাত ক্ৰীড়া বিষয়টো থাকিব লাগে। তেতিয়া সৰুৰে পৰা সকলোৱে ক্ৰীড়া জগতত আগবাঢ়ি যাব পাৰিব। এনে কৰিলে ভাৰতত থকা প্ৰতিভাসমূহ ওলাই আহিব।‘’

লাভলীনাই কয় যে আমাৰ দেশৰ খেলুৱৈসকলে বহুত কষ্ট কৰিব পাৰে। সেয়ে, খেলক যদি বাধ্যতামূলক কৰা হয় তেতিয়াহ’লে অহা ১০ বছৰতে ভাৰতত বহুত বেছি মেডেল পোৱা খেলুৱৈ ওলাব আৰু আন দেশকো চেৰ পেলাব পাৰিব।

দেশত খেলক লৈ বহুত সমস্যা আছে বুলি উল্লেখ কৰি লাভলীনাই কয় যে আমাৰ ইয়াত শিক্ষাত খেলক প্ৰাধান্য দিয়া হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে অলিম্পিক পদক বিজয়ী খেলুৱৈগৰাকীয়ে মন্তব্য কৰি কয় যে আমাৰ ইয়াত প্ৰশিক্ষকসকলেও আনকি খেলি খেলিহে শিকে। আমাৰ ইয়াত ল’ৰা-ছোৱালীক কেৰিয়াৰৰ চিন্তা কৰি অভিভাৱকেও খেলত নিদিয়ে। বিদেশত খেলত স্নাতক কৰাৰো সুবিধা আছে। ফলত তেওঁলোকে বিজ্ঞানসন্মতভাৱে শিকাৰ সুবিধা লাভ কৰিব পাৰে।”

লাভলীনাই স্পষ্ট কৰি দিয়ে যে তেওঁ আৰম্ভণিৰে পৰা চাকৰিৰ বাবে খেলা নাছিল। তেওঁৰ লক্ষ্য আছিল অলিম্পিক।

তেওঁ কয়,’’ডিএছপি চাকৰি মোক ডিউটি কৰিবলৈ দিয়া হোৱা নাই। মই দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যাম।‘’

সংবামমেলত লাভলীনাই কয়, ‘’মা দেউতাৰ সহায়ৰ বাবেই ইমান আগুৱাই যাব পাৰিলো। তেওঁলোকে ছোৱালী হোৱা বাবে কেতিয়াও ঘৰতে সোমাই থাকিবলৈ কোৱা নাছিল। আমাৰ ঘৰৰ তিনিওজনী ছোৱালীকে মা দেউতাই কিবা এটা কৰিবলৈ সমৰ্থন কৰে।‘’

আনহাতে, সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লাভলীনাৰ পিতৃয়ে কয়,’’ আচলতে তাই বৰ আৱেগিক। মই যেনেকুৱা তাইও তেনেকুৱা। ছোৱালী হিচাপে জন্ম হৈছে যেতিয়া সিহঁত আত্মনিৰ্ভৰ হোৱাটো বিচাৰিছিলো।‘’

সংবাদমেলখনত ৰাজ্যৰ  ক্ৰীড়া মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে।

Recent News

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd