NORTHEAST NOW (Assamese)

প্ৰতিকূল বতৰৰ মাজতে কলিয়াবৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন নিৰ্বাচনী সভা

March 31, 2019 11:00 pm · ৰিদিপ শৰ্মা

প্ৰতিকূল বতৰকো নেওচি আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি পুনৰ কলিয়াবৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে যোৱা ২৮ মাৰ্চত কলিয়াবৰৰ টি আও ষ্টেডিয়ামত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আহি মণিমাধৱ মহন্তৰ প্ৰচাৰ চলাইছিল। উক্ত নিৰ্বাচনী সভাত অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে হিমন্ত বিশ্ব শৰ্মায়ো জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ গৰাকীৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল।

সেই নিৰ্বাচনী সভাৰ মাত্ৰ ৩ দিনৰ পিছতেই আজি অতিকৈ প্ৰতিকূল বতৰকো নেওচি পুনৰবাৰ কলিয়াবৰত নিৰ্বাচনী ৰণডংকা বজাই প্ৰতাপী মন্ত্রী গৰাকীয়ে ‘আকৌ এবাৰ মোডী চৰকাৰ’ গঢ়াৰ বাবে সকলো দলীয় কৰ্মী তথা উপস্থিত ৰাইজৰ সহায় সহযোগীতা লাগিব বুলি কৈ ভাষণ আৰম্ভ কৰে।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয়, ‘গৌৰৱ গগৈৰ কাম নাই তেওঁ সমষ্টিক কিমান গুৰুত্ব দিছে সেইয়া দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই’।

তেওঁ লগতে কয়, ‘মণিমাধৱ মহন্ত এতিয়া আপোনালোকৰ নিজ সমষ্টিৰ লৰা। আপোনালোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে আপোনালোকৰ উন্নতিৰ বাবে এতিয়া দূৰলৈ বাট চোৱাৰ প্ৰয়োজন নাই, গতিকে পলম কিহৰ হাতীৰ ছবিত সকলোৱে ভোট দি মণিমাধৱ মহন্তক বিজয় কৰি পুনৰবাৰ মোডী চৰকাৰ গঢ়াত সহায় কৰক।’

আজিৰ উক্ত নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন বিধায়ক অতুল শৰ্মা, বিজেপিৰ ৰাজ্যিক সম্পাদক দীপলু ৰঞ্জন শৰ্মাকে ধৰি বহু কেইজন অগপ বিজেপিৰ দলীয় কৰ্মী উপস্থিত থাকে।

Related News