• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক কুৰুক্ষেত্ৰলৈ জাতীয়তাবাদী যুৱৰাজ! সন্মুখত ‘ৰাষ্ট্ৰসেনা’ৰ প্ৰত্যাহ্বান?

ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰ সেনানীক প্ৰতিহত কৰিবলৈ কেনে ৰণকৌশল হ’ব জাতীয়তাবাদী শিবিৰৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 17, 2020 7:47 pm
Lurin Final

লুৰীণজ্যোতি গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১’ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচন পৰিৱৰ্তিত হ’ব নেকি ৰাজনৈতিক কুৰুক্ষেত্ৰৰ ৰণলৈ? ইয়াত কৌৰৱ হ’ব কোন? পাণ্ডৱ হ’ব কোন? ইয়াক লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা-কল্পনাৰ।

তাৰ মাজতে আছুৰ মজিয়াৰ পৰা বিদায় লৈ এমাহৰ ভিতৰতে জাতীয়তাবাদী আদৰ্শৰে নৱগঠিত ‘অসম জাতীয় পৰিষদ’ত যোগদান ‘জাতীয়তাবাদী যুৱৰাজ’ৰূপী লুৰীণজ্যোতি গগৈৰ। আজি অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰিলে গগৈয়ে।

Apply Now

জাতীয় সংকটৰ সময়ত অসমীয়া জাতিক এটা বাট দেখুৱাই আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, সমাজত ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু এই সমগ্ৰ সংগ্ৰামখনত এগৰাকী যোদ্ধা হিছাপে আগবাঢ়িব খোজে লুৰীণজ্যোতি গগৈয়ে। এই কথা সংবাদ মাধ্যমৰ আগত বহুবাৰ উচ্চাৰণ কৰিছে লুৰীণে।

২১’ত জাতীয়তাবাদী চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই পথ পংকিল তথা কন্টকময় বুলিও স্বীকাৰ কৰিছে লুৰীণে। তথাপিও যেন বুকুত অদম্য সাহস লৈ ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰে পৰিপুষ্ট শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে ‘জাতীয়তাবাদী যুৱৰাজ’।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, আছুৰ পৰা বহু নেতাৰ সৃষ্টি হ’ল আৰু বহু বিশ্বাসঘাতক ৰাজনৈতিক নেতা-মন্ত্ৰী অসমৰ ৰাইজে স্ব-স্বক্ষে প্ৰত্যক্ষ কৰিলে। তেনেক্ষেত্ৰত লুৰীণজ্যোতি গগৈক জাতীয়তাবাদী শিবিৰৰ ৰাইজে কেনেদৰে বিশ্বাসত ল’ব সেয়াও এক প্ৰশ্নবোধক লুৰীণৰ সন্মুখত আহি পৰিছে। অসম জাতীয় পৰিষদৰ সভাপতিৰ দৰে দায়িত্ব লোৱা লুৰীণৰ বাবে এয়া এক প্ৰকাৰৰ প্ৰত্যাহ্বান হিচাপেই থিয় দিব।

ইপিনে, ৰাইজৰ আবেগ আৰু বিকল্পবিহীন পৰিস্থিতি দেখিয়েই জাতীয়তাবাদী শিবিৰত থকাৰ মানসৰে AJP ত যোগদান কৰা বুলি দাবী কৰা লুৰীণৰ আন এক প্ৰত্যাহ্বান হৈছে অসমত পূৰ্বৰ আঞ্চলিকতাৰ ভেটি অথবা কাম-কাজ। কিয়নো ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠিত হৈ দুটাকৈ শাসনত থাকি অসম গণ পৰিষদৰ পৰা অসমীয়া ৰাইজে যিখিনি আশা কৰিছিল তাৰ ১০ শতাংশও লাভ নকৰা বুলি ইতিমধ্যে চৰ্চা চলি আহিছে।

তেনেক্ষত্ৰত ‘কা বিৰোধী আন্দোলন’ৰ মাধ্যমেৰে আত্মপ্ৰকাশ কৰা ‘অসম জাতীয় পৰিষদ’ৰ প্ৰতি নিশ্চয়কৈ দৃষ্টি নিবদ্ধ থাকিব অসমবাসী ৰাইজৰ। এইক্ষেত্ৰত লুৰীণজ্যোতি গগৈয়ে কোৱাৰ দৰে অসমবাসী ৰাইজে কিমান বিশ্বাসত ল’ব? সেয়াও যেন লুৰীণজ্যোতি গগৈৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপেই থিয় দিব।

অৱশ্যে, যুৱ চামৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে লুৰীণজ্যোতি গগৈৰ। এজন যুৱ ৰাজনৈতিক নেতা হিচাপে লুৰীণজ্যোতি গগৈয়ে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ কঠোৰ পৰিশ্ৰমৰে উন্নয়ন তথা জাতীয়তাবাদী আদৰ্শৰ ধ্বজ্জা উৰুৱাই ৰাখিব পাৰিব বুলি বিশ্বাস ৰাখিছে। কিন্তু পূৰ্বতে আছুৰ পৰা ওলাই ৰাজনৈতিক পথাৰত খোজ পেলাইয়ে পূৰ্বৰ অসম মাতৃৰ ৰক্ষাৰ হকে শ্লোগান দিয়াসকলে দিল্লীৰ নেতাৰ শ্ৰীচৰণত শৰণাপন্ন হোৱাৰ উদাহৰণ নথকা নহয়। সেয়াও লুৰীণজ্যোতিৰ বাবে হ’ব এক প্ৰত্যাহ্বান।

আনহাতে, অলপতে হৈ যোৱা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে তেওঁলোকৰ ধনবল দেখুৱাবলৈ সক্ষম হ’ল। হৰ্ছ ট্ৰেডিঙৰ জৰিয়তে য়ুপিপিএলৰ সহযোগত বিটিচি পৰিষদ গঠনত নিজৰ পাৰদৰ্শিতা দেখুৱালে বিজেপিয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে বিটিচি নিৰ্বাচন আছিল ছেমি ফাইনেল। ছেমি ফাইনেলত জয়ী হ’লে ফাইনেল অৰ্থ্যাৎ ২০২১ত বিজেপি+ এ ১০০+ আসন লৈ চৰকাৰ গঠন কৰিবই বুলি দাবী কৰিছিল দক্ষ মন্ত্ৰীগৰাকীয়ে। সেই লক্ষ্য-উদ্দেশ্য আগত ৰাখিয়েই ইতিমধ্যে বুথ পৰ্য্যায়ৰ পৰা সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে বিজেপিয়ে।

বিজেপিৰ ধনবল, বাহুবলো নিশ্চয়কৈ লুৰীণজ্যোতিৰ লগতে অসম জাতীয় পৰিষদৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আহিব বুলি সকলোৱে ইতিমধ্যে চৰ্চা আৰম্ভ কৰিছে।

আনহাতে, ৰাইজৰ দলৰ সৈতে যদি অসম জাতীয় পৰিষদ আৰু আন আন জাতীয় দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে ২১’ৰ ৰাজনৈতিক কুৰুক্ষেত্ৰৰ ৰণত জয়ী হোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সৃষ্টি নহ’ব বুলি জাতীয়তাবাদী সচেতন মহলত আলোচনা হৈছে।

ইপিনে, যিহেতু কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয়তাবাদী শক্তি আৰু এআইয়ুডিএফৰ দৰে সাম্প্ৰদায়িক শক্তিৰ লগত মিত্ৰতা কোনোপধ্যেই সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে, তেনে পৰিপ্ৰেক্ষিতত ভোট বিভাজন হৈ বিজেপিক ৱাক অভাৰ দিয়া হ’ব বুলি সৰ্বত্ৰে আলোচনা চলিছে।

ইপিনে, বিজেপিক ৰুধিবলৈ নতুন আঞ্চলিকতাবাদী শক্তিৰ কি ইচ্ছ্যু আনিব তাক লৈয়ো চৰ্চা চলিছে। সেয়া লাগিলে নিৱনুৱা সংস্থাপন, বৃহৎ নদীবান্ধৰ বিৰোধিতা, বানপানী সমস্যা, বিদেশী সমস্যা, ব্ৰহ্মপুত্ৰৰ খনন, নাগৰিকত্ব সংশোধনী আইন, ৬ জনগোষ্ঠীক সম্পূৰ্ণ জনজাতিকৰণ ইত্যাদি প্ৰসংগই নহওঁক কিয় সেয়া যদি ৰাইজৰ মাজলৈ নিব পাৰে তেন্তে নিশ্চয়কৈ জাতীয়তাবাদী শিবিৰৰ ২১’ৰ লক্ষ্য ফলপ্ৰসু হ’ব বুলি সচেতন মহলত আলোচনা চলিছে।

জাতীয়তাবাদী শিবিৰৰ বিজেপিৰ দৰে ৰাষ্ট্ৰীয় আদৰ্শত বিশ্বাসী শিবিৰক পৰাস্ত কৰিবলৈ নিশ্চয়কৈ এক নতুন ৰণকৌশলৰ প্ৰস্তুতৰ প্ৰয়োজনীয়তা আহি পৰিছে।

মুঠৰ ওপৰত এইবাৰ ৰাজনৈতিক কুৰুক্ষেত্ৰৰ ৰণ নিশ্চয়কৈ চাবলগীয়া হ’ব। য’ত কৌৰৱ-পাণ্ডৱৰ বিপৰীতে থাকিব ৰাষ্ট্ৰীয়তাবাদী শিবিৰ আৰু জাতীয়তাবাদী শিবিৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd