NORTHEAST NOW (Assamese)
অসম

টংলা মহাবিদ্যালয়ত ‘ডিজিটেল পেইমেণ্ট এণ্ড চাইবাৰ ক্ৰাইম’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

Posted by: ছাজিদ খান March 28, 2018 5:19 pm
Digital Workshop on Payment and Cyber Crime

টংলা মহাবিদ্যালয়ত যোৱা মঙলবাৰে ধনৰ ডিজিটেল লেনদেন আৰু চাইবাৰ অপৰাধৰ ক্ষেত্ৰত ‘ডিজিটেল পেইমেণ্ট এণ্ড চাইবাৰ ক্ৰাইম’ শীৰ্ষক এখন সজাগতা মুলক কৰ্মশালা আয়োজন কৰা হয়।

গুৱাহাটীৰ এন আই ই এল আই টি আৰু এছ বি আই টংলা শাখাৰ সহযোগত আই কিউ এ চি আৰু বাণিজ্য বিভাগে যুটূীয়াভাৱে আয়োজন কৰা উক্ত কৰ্মশালাখনত  আই কিউ এ চিৰ সমণ্ণয়ক ড০ সত্যেন্দ্ৰ কুমাৰ শৰ্মাই নিজ ভাষণত ‘ডিজিটেল ইণ্ডিয়া প্ৰ’গ্ৰেম’ৰ অধীনত ধনৰ ডিজিটেল লেনদেন সম্পৰ্কে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

টংলা এছ বি আইৰ প্ৰ’বেশ্যনেৰী বিষয়া মাধুৰ্য্য বিকাশ শৰ্মাই ডিজিটেল বেংকিং ব্যৱস্থা আৰু এই ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সম্পৰ্কে বাখ্যা আগবঢ়ায়। আনহাতে এছ বি আইৰ কাৰিকৰি বিষয়া মৃদুল পাচাৰিয়ে ইউৰোপিয় দেশসমূহৰ তুলনাত ভাৰতৰত ডিজিটেল ধনৰ লেনদেন আৰু বেংকিং ব্যৱস্থাৰ ওপৰত বিস্তিতভাৱে আলোচনা কৰে।

ইয়াৰ উপৰি গুৱাহাটীৰ এন আই ই এল আই টিৰ উপ সঞ্চালক ৰিংকু দাসে চাইবাৰ অপৰাধ আৰু এই ক্ষেত্ৰত ব্যৱহাৰকাৰী সকলে ল’বলগীয়া সাৱধানতা সম্পৰ্কে বিস্তিত ব্যখ্যা  আগবঢ়ায়।

টংলা মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ অঞ্জলী চক্ৰবৰ্তীয়ে পৌৰোহিত্য কৰা আৰু মহাবিদ্যলয়খনৰ অধ্যাপক চন্দন বৰুৱাই আঁট কৰ্মশালাখনত অঞ্চলটোৰ বহুকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।