মধ্যপ্ৰদেশৰ ছতৰপুৰ জিলাত সংঘটিত হৈছে এটা জঘন্য ঘটনা। এখন গাঁৱৰ এটা মন্দিৰৰ বাবে দাবী কৰা মতে ঘেঁহু দান দিব নোৱাৰাৰ বাবে এটা দলিত পৰিয়ালক একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে।
মহাৰাজগঞ্জ নামৰ গাঁওখনত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,গাঁৱৰ একাংশ প্ৰভাৱশালী লোকে পৰিয়ালটোক মন্দিৰৰ দান হিচাপে এক নিৰ্দিষ্ট পৰিমাণৰ ঘেঁহু বিচাৰিছিল যদিও দৰিদ্ৰ পৰিয়ালটোৱে সেইয়া দিবলৈ অসমৰ্থ বুলি প্ৰকাশ কৰিছিল।
পৰিয়ালটোৱে জনোৱা মতে তেওঁলোকে নিজৰ সাধ্য অনুসৰি দান দিছিল যদিও আক্ৰমণকাৰীসকলে আৰু অধিক ঘেঁহু বিচাৰিছিল। পৰিয়ালৰ মুৰব্বীজনে কৈছিল যে যদি তেওঁলোকে বিচৰা পৰিমাণৰঘেঁহু দান দি দিয়ে তেন্তে গোটেই বছৰটো ল’ৰা-ছোৱালীক কি খুৱাব। এই কথাতে খঙত অগ্নিশৰ্মা হৈ অভিযুক্তসকলে পৰিয়ালটোৰ ওপৰত জপিয়াই পৰে। তেওঁলোকে লাঠি, লোৰ দাণ্ডা, ইটা আৰু শিলগুটিৰে পৰিয়ালৰ সদস্যসকলক আক্ৰমণ কৰে। আনকি মহিলা আৰু শিশুসকলকো এই আক্ৰমণৰ পৰা ৰেহাই দিয়া হোৱা নাছিল। যাৰ ফলত পৰিয়ালটোৰ বহু সদস্য আঘাতপ্ৰাপ্ত হয়।
এই আক্ৰমণত পৰিয়ালটোৰ পাঁচগৰাকী সদস্য গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোকক চিকিৎসাৰ বাবে স্থানীয় হাস্পতালত ভৰ্তি কৰা হয়। ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে কিদৰে একাংশ লোকে লাঠিৰে পৰিয়ালটোক মাৰপিট কৰিছে।
ভুক্তভোগী পৰিয়ালটোৱে শ্যাম পেটেল, হৰদয়াল পেটেল, কৃপাল পেটেলসহ কেইবাজনৰো বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কয় যে কেৱল মাৰপিট কৰাই নহয় অভিযুক্তসকলে তেওঁলোকৰ হাতত থকা বাকী ঘেঁহুখিনিও জোৰ কৰি বাহনত উঠাই লৈ গৈছে।
আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। চিভিল লাইন থানাৰ পৰিদৰ্শক আশুতোষ শ্ৰোতীয়ে জনাইছে যে মন্দিৰৰ চান্দা সংগ্ৰহক লৈ হোৱা বিবাদৰ পৰাই এই ঘটনাটোৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অনুসূচিত জাতি আৰু জনজাতি আইনৰ অধীনত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পলাতক হৈ থকা আন এজনৰ সন্ধান চলাই থকা হৈছে।
কিন্তু আৰক্ষীৰ এই কাৰ্যত পৰিয়ালটো সম্পূৰ্ণৰূপে সন্তুষ্ট হোৱা নাই। তেওঁলোকৰ মতে এইটো কোনো হঠাতে হোৱা কাজিয়া নাছিল বৰঞ্চ ই আছিল এক পৰিকল্পিত জাতিগত হেঁচা। পৰিয়ালটোৱে অভিযোগ কৰিছে যে যিখন সমিতিয়ে এইদৰে ঘেঁহু সংগ্ৰহৰ বাবে তেওঁলোকৰ ওপৰত জোৰ দিছিল সেই সমিতিৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাই। লগতে তেওঁলোকে তেওঁলোকৰ ঘেঁহু কঢ়িয়াই নিয়া বাহনখন জব্দ নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। বৰ্তমান এই ঘটনাই সমগ্ৰ দেশতে জাতিগত বৈষম্যৰ এক কদৰ্য ৰূপ উদঙাই দিছে।





