• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : ভোজশালাক বাগদেৱী সৰস্বতীৰ মন্দিৰ হিচাপে স্বীকৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 5:31 pm
280
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ধাৰ জিলাৰ বিতৰ্কিত ভোজশালা মন্দিৰ আৰু কমল মৌল মছজিদ চৌহদক লৈ এক গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায়দান কৰিছে। উচ্চ ন্যায়ালয়ৰ বিচাৰপতি বিজয় কুমাৰ শুক্ল আৰু বিচাৰপতি অলোক অৱস্থীৰ ডিভিজন বেঞ্চে এই ভোজশালাক দেৱী সৰস্বতীৰ মন্দিৰ হিচাপে স্বীকৃতি দিছে। আদালতৰ পৰ্যবেক্ষণ অনুসৰি উক্ত স্থানত সংস্কৃত শিক্ষা কেন্দ্ৰ আৰু দেৱী সৰস্বতীৰ মন্দিৰ থকাৰ যথেষ্ট ঐতিহাসিক প্ৰমাণ পোৱা গৈছে। ইয়াৰ উপৰি আদালতে জানিবলৈ দিয়ে যে এই স্থানত হিন্দুসকলৰ উপাসনাৰ ধাৰাবাহিকতা কেতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাছিল।

ঐতিহাসিক নথি আৰু সাহিত্যৰ উদ্ধৃতি দি আদালতে উল্লেখ কৰে যে ভোজশালা আছিল পৰমাৰ ৰাজবংশৰ ৰজা ভোজৰ সৈতে জড়িত এক প্ৰাচীন সংস্কৃত শিক্ষা কেন্দ্ৰ। হিন্দু পক্ষই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছিল যে এইটো মূলতঃ ৰজা ভোজে নিৰ্মাণ কৰা বাগদেৱী সৰস্বতীৰ মন্দিৰ আছিল। আনহাতে মুছলমান পক্ষৰ দাবী আছিল যে এই স্থান বহু শতিকা ধৰি কমল মৌল মছজিদ হিচাপে ব্যৱহাৰ হৈ আহিছে। অৱশ্যে আদালতে মুছলমান সম্প্ৰদায়ক ধাৰ জিলাত মছজিদ নিৰ্মাণৰ বাবে বিকল্প ভূমি বিচাৰি ৰাজ্য চৰকাৰৰ ওচৰত আবেদন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। লগতে এই সমগ্ৰ স্মৃতিতৰ্পণটোৰ সংৰক্ষণ আৰু চোৱাচিতাৰ দায়িত্ব আৰ্কিঅ’লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ হাতত ন্যস্ত কৰিছে।

Apply Now

উল্লেখ্য যে ২০২৪ চনৰ মাৰ্চ মাহত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আৰ্কিঅ’লজিকেল চাৰ্ভে অফ ইণ্ডিয়াই এই স্থানত এক বৈজ্ঞানিক সমীক্ষা চলাইছিল। প্ৰায় ৯৮ দিনীয়া এই সমীক্ষাৰ অন্তত ২০০০ পৃষ্ঠাতকৈও অধিক এক বিস্তৃত প্ৰতিবেদন আদালতত দাখিল কৰা হয়। সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে বৰ্তমানৰ গাঁথনিটোৰ পূৰ্বে তাত পৰমাৰ ৰজাসকলৰ আমলৰ এক বিশাল স্থাপত্য আছিল আৰু মছজিদ নিৰ্মাণৰ সময়ত মন্দিৰৰ বিভিন্ন অংশ পুনৰ ব্যৱহাৰ কৰা হৈছিল। সমীক্ষাত উদ্ধাৰ হোৱা মুদ্ৰা, ভাস্কৰ্য আৰু শিলালিপিবোৰে ই এক মন্দিৰ হোৱাৰ প্ৰমাণ দাঙি ধৰে বুলি হিন্দু পক্ষই দাবী কৰে যদিও মুছলমান পক্ষই এই ৰিপৰ্টক পক্ষপাতদুষ্ট বুলি অভিহিত কৰিছিল।

আদালতে লগতে কয় যে লণ্ডনৰ এক সংগ্ৰহালয়ত থকা দেৱী সৰস্বতীৰ মূৰ্তিটো পুনৰ ভাৰতলৈ ঘূৰাই অনাৰ আবেদনসমূহ চৰকাৰে বিবেচনা কৰিব পাৰে। অধিবক্তা বিষ্ণু চৰকাৰ জৈনে এই ৰায়ক ঐতিহাসিক বুলি অভিহিত কৰি সন্তুষ্টি প্ৰকাশ কৰিছে। এই ৰায়ৰ জৰিয়তে ধাৰ জিলাৰ বহু বছৰ ধৰি চলি থকা এক ধৰ্মীয় আৰু ঐতিহাসিক বিতৰ্কৰ আইনী মীমাংসা হ’ল বুলি ধাৰণা কৰা হৈছে। সমগ্ৰ বিষয়টোক লৈ অঞ্চলটোত এতিয়া ব্যাপক চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd