NORTHEAST NOW (Assamese)

কুম্ভমেলা বিশেষ ট্ৰেইনলৈ লক্ষ্য কৰি ইটা-শিলেৰে আক্ৰমণ! ভাঙিল দুৱাৰ-খিৰিকী, আতংকিত যাত্ৰী

January 28, 2025 2:24 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 28, 2025 2:25 pm

দেশৰ বিভিন্ন ৰাজ্যৰ পৰা কুম্ভমেলা বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে ৰেলৱেই। একেদৰে উত্তৰ প্ৰদেশৰ ঝান্সীৰ পৰা প্ৰয়াগৰাজলৈ তীৰ্থযাত্ৰীৰ বাবে কুম্ভমেলাৰ বিশেষ ৰেল চলি আছে। শনিবাৰে ৰেলখনত এদল যাত্ৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঝান্সীৰ পৰা প্ৰয়াগৰাজলৈ তীৰ্থযাত্ৰী কঢ়িয়াই আনিছিল ৰেলখনে। কিন্তু ৰেলখন হৰালপুৰ ষ্টেচন পোৱাৰ লগে লগে ইয়াৰ ওপৰত শিল দলিয়াবলৈ ধৰিলে, ইটোৰ পাছত সিটোকৈ পৰিল। ৰেল আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে শিলৰ খুন্দাত কেইবাটাও কোঠাৰ কাঁচৰ খিৰিকী আৰু দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে।

জানিব পৰা মতে, হৰালপুৰ ষ্টেচনত বহু সংখ্যক তীৰ্থযাত্ৰী ৰৈ আছিল। ঝাঁচীৰ পৰা এই ষ্টেচনলৈ যাবলৈ দুঘণ্টা সময় লাগে। ৰেলখন ষ্টেচনত প্ৰৱেশ কৰাৰ পাছত ৰৈ থকা যাত্ৰীসকলে উঠাব নোৱাৰাত উত্তপ্ত হৈ পৰে। তেওঁলোকে অভিযোগ কৰে যে ৰেলখনৰ সকলো ডবাত ভিতৰৰ পৰা তলা লগোৱা হৈছে। বহু সময় অপেক্ষা কৰি বহু সংখ্যক তীৰ্থযাত্ৰী উত্তেজিত হৈ ৰেলত উঠিব নোৱাৰিলে। অভিযোগ অনুসৰি, ইয়াৰ পাছতে ক্ষুব্ধ যাত্ৰীসকলে ইটা, শিল, লাঠিৰে ৰেলখনক আক্ৰমণ কৰে। এই ঘটনাই ৰেলৰ ভিতৰত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰে। মহিলা আৰু শিশুৱে ভয়তে কান্দি থাকিল।

হৰালপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পক শৰ্মাই কয় যে কুম্ভ স্পেচিয়েল ৰেলখন হৰালপুৰ পোৱাৰ লগে লগে পুৱা প্ৰায় ২ বজাত এই আক্ৰমণ সংঘটিত হয়। ৰেলৱেৰ মুখপাত্ৰ মনোজ সিঙে কয় যে প্ৰয়াগৰাজলৈ যাবলৈ বহু তীৰ্থযাত্ৰী হৰালপুৰত অপেক্ষা কৰি আছিল। ৰেলৰ দুৱাৰ বন্ধ হোৱাৰ বাবে তীৰ্থযাত্ৰীসকল অগ্নিশৰ্মা হৈ পৰিল। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ আগতেই এটা বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁৰ ভাষাত, “যাত্ৰীসকলক এনে কাণ্ডৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিছো।কুম্ভ মেলালৈ যাবলৈ আমি বিশেষ ৰেল চলাই আছো। তীৰ্থযাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। ”

Related News