INDIAত সকাহঃ মহাৰাষ্ট্ৰত আসন ভাগ-বতৰাত মহা বিকাশ আঘাড়ীৰ সেউজ সংকেত

INDIA Maharashtra Maha Vikas Aghadi

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ সময়তে ‘মৃতপ্ৰায়’ বিৰোধী মিত্ৰজোঁট INDIAৰ ভিতৰচৰালৈ ঘূৰি আহিছে কিঞ্চিত উশাহ। নীতিশ কুমাৰে দিয়া প্ৰাৰম্ভিক আঘাতৰ পিছত মিত্ৰজোঁটৰ আভ্যন্তৰত দেখা দিয়া বাদ বিবাদ নেওচি আজি মহাৰাষ্ট্ৰৰ পৰা মিত্ৰজোঁটে লাভ কৰিছে আশাৰ খবৰ।

মহাৰাষ্ট্ৰৰ বিৰোধী জোঁট মহা বিকাশ আঘাড়ীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আসন অংশীদাৰিত্বৰ চুক্তিত প্ৰায় নিশ্চিতি প্ৰদান কৰিছে। আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত আসন ভাগ-বতৰাৰ ক্ষেত্ৰত মহা বিকাশ আঘাড়ীয়ে আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ নেতৃত্বত শিৱসেনা ফৈদে ৰাজ্যখনৰ ৪৮ খন আসনৰ ভিতৰত ২০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। সেইদৰে কংগ্ৰেছে ১৮ খন আসনত আৰু শাৰদ পাৱাৰ নেতৃত্বাধীন নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে বাকী ১০ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

ইফালে ইতিপূৰ্বে পাঁচখন আসনৰ দাবী কৰা আঞ্চলিক দল বঞ্চিত বহুজন আঘাড়ী দলে থাকৰেৰ নেতৃত্বত শিৱসেনা ফৈদৰ পৰা দুখন লাভ কৰিব। আনহাতে নিৰ্দলীয় ৰাজু শ্বেট্টীলৈ শাৰদ পাৱাৰৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে সমৰ্থন আগবঢ়াব।

লক্ষণীয়ভাৱে মুম্বাইৰ ৬খন লোকসভাৰ আসনৰ ভিতৰত চাৰিখন আসনত শিৱসেনাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখ্য যে, ২০১৯ চনৰ নিৰ্বাচনত শিৱসেনাই ২৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু মুম্বাই দক্ষিণ মধ্য আৰু উত্তৰ পশ্চিমকে ধৰি ১৮খন আসনত জয়ী হৈছিল।

অৱশ্যে গত নিৰ্বাচন সময়ত সেনা দল বিভাজিত হোৱা নাছিল আৰু বিজেপিৰ সৈতে মিত্ৰজোঁটত আছিল।  কংগ্ৰেছে ২৫খন প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ চন্দ্ৰপুৰত জয়লাভ কৰাৰ বিপৰীতে শাৰদ পাৱাৰৰ এন চি পি (অবিভক্ত)- এ ১৯খন আসনৰ পৰা যুঁজি ৪খন আসনত জয়লাভ কৰিছিল।