জয়ন্ত বল্লয়াৰ মহাৰাষ্ট্ৰ আৰক্ষীৰ এজন বিষয়া আছিল। ২০২৩ চনৰ ২৫ এপ্ৰিলত তেওঁ কৰ্তব্যৰ বাবে সাজু হৈছিল। সেইদিনা তেওঁৰ কৰ্তব্য আছিল চন্দ্ৰপুৰৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত। ঘৰৰ পৰা ওলোৱাৰ আগতে তেওঁৰ পুলিচ বিষয়া কন্যা আৰ্যাই তেওঁক মিল্কশ্বেক এগিলাচ দিয়ে। সেয়া খাইয়েই জয়ন্ত ডিউটিলৈ যায়।
জিলা দণ্ডাধীশৰ কাৰ্যালয় পোৱাৰ আগতেই জয়ন্তই খুব অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে। মূৰটো ঘূৰিবলৈ ধৰিলে, শৰীৰত অস্বস্তি অনুভৱ হ’বলৈ ধৰিলে। জিলা দণ্ডাধীশৰ কাৰ্যালয় পোৱাৰ পিছত জয়ন্তৰ অস্বস্তি আৰু বাঢ়ি গ’ল। তেওঁ অচেতন হৈ পৰিল। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। সেই সময়ত জয়ন্তৰ মৃত্যুক লৈ কাৰো অলপো সন্দেহ নাছিল। আনকি, তেওঁৰ মৰণোত্তৰ পৰীক্ষাও কৰা হোৱা নাছিল। বিষয়টোক লৈ কোনেও মূৰ ঘমোৱা নাছিল।
কিন্তু আচল ঘটনাটো তিনি বছৰৰ পাছত পোহৰলৈ আহিবলৈ ধৰিলে। আৰক্ষীৰ তদন্তকাৰীয়ে জানিব পাৰিলে যে জয়ন্তৰ মৃত্যু স্বাভাৱিক নাছিল। শীতল মস্তিষ্কৰে তেওঁক হত্যা কৰা হৈছিল। হত্যাকাণ্ডৰ মূল অভিযুক্ত আন কোনো নহয়, তেওঁৰ নিজৰ কন্যা আৰ্যা বল্লয়াৰ।
তদন্তত প্ৰকাশ পাইছে যে ২০২২ চনৰ পৰা আশীষ শেদমেক নামৰ এজন যুৱকৰ সৈতে সম্পৰ্কত আছিল আৰ্যা। তেওঁৱো আৰক্ষীতো কৰ্মৰত আছিল। জয়ন্তই সেই সম্পৰ্ক মানি লোৱা নাছিল। আৰ্যাৰ প্ৰেমত আটাইতকৈ ডাঙৰ বাধা আছিল জয়ন্ত। আৰক্ষীৰ অভিযোগ যে এই বাধা আঁতৰাবলৈ আৰ্য্য আৰু আশীষে জয়ন্তক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, আৰ্যাই তেওঁৰ সম্বন্ধীয় ভাতৃ চৈতন্য গেদামৰ সৈতে যোগাযোগ কৰিছিল। তেওঁক ৫ হাজাৰ টকা দি বিষ আনি দিবলৈ কৈছিল। আন এজন ব্যক্তিয়ে এই বিষ যোগান ধৰিছিল। ঘটনাৰ দিনা ৰাতিপুৱা আৰ্যাই নিজেই মিল্কশ্বেকত বিষ মিহলাই দিছিল। তাৰ পিছত সেয়া দেউতাকৰ হাতত তুলি দিয়ে। সেয়া সেৱন কৰি জয়ন্তৰ মৃত্যু হয়।
দেউতাকৰ মৃত্যুৰ পিছত আৰ্যা আৰু আশীষৰ বিয়া হৈছিল। কিন্তু তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ ধৰিলে। আশীষক তেওঁৰ বেয়া আচৰণৰ বাবে আৰক্ষীৰ প্ৰশিক্ষণৰ পৰা বাদ দিয়া হৈছিল। পৰিয়ালত অশান্তি আৰম্ভ হয়। আৰ্যাও শহুৰেকৰ ঘৰলৈ যোৱাৰ সলনি দেউতাকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে।
ইয়াৰ পিছত কাহিনীৰ পাক ঘুৰে। যোৱা সপ্তাহত আশীষ নিজেই থানালৈ গৈ সকলো স্বীকাৰোক্তি দিছিল। তিনিবছৰ আগতে আৰ্যাই দেউতাকক বিষ খুৱাই হত্য়া কৰিছিল বুলি জনায়। এই স্বীকাৰোক্তিৰ পিছতহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোক হ’ল আৰ্যা বল্লয়াৰ, তেওঁৰ স্বামী আশীষ, সম্বন্ধীয় ভাতৃ চৈতন্য আৰু বিষ যোগান ধৰা আন এজন অভিযুক্ত। চাৰিওজনেই এতিয়া আৰক্ষীৰ জিম্মাত।
এইদৰেই তিনি বছৰৰ আগৰ ‘স্বাভাৱিক মৃত্যু’ৰ ঘটনাৰ ৰহস্য ভেদ হৈছে। তদন্ত এতিয়াও অব্যাহত আছে। এই ঘটনাত আৰু আচৰিত কথা পোহৰলৈ আহিব পাৰে বুলি আৰক্ষীৰ ধাৰণা।





