• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“মহাত্মা গান্ধী যিকোনো আনুষ্ঠানিক স্বীকৃতিৰ ঊৰ্ধ্বত”, ভাৰত ৰত্নৰ দাবী নাকচ কৰি উচ্চতম ন্যায়ালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2020 8:42 am

2 min read

Mahatma-Gandhi
16.8k
VIEWS
Share on FacebookShare on Twitter

মহাত্মা গান্ধীক ভাৰত ৰত্ন দিবলৈ দাবী জনাই দাখিল কৰা এখন আৱেদন নাকচ কৰি ১৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কৈছে যে জাতিৰ পিতাজন আনুষ্ঠানিক স্বীকৃতিৰ ঊৰ্ধ্বত আৰু তেওঁক মানুহে অতি সন্মান দিয়ে।

অনিল দত্ত শৰ্মা নামৰ এজন লোকে গান্ধীক ভাৰত ৰত্ন দিব লাগে বুলি দেশৰ শীৰ্ষ ন্যায়ালয়খনত আৱেদন দাখিল কৰিছিল।

মুখ্য ন্যায়াধীশ এ বোবডে আৰু ন্যায়াধীশ বি আৰ গভাই আৰু সূৰ্য্যকান্তেৰে গঠিত এখন বিচাৰপীঠে ইয়াৰ শুনানি লৈ কয়, “মহাত্মা গান্ধী জাতিৰ পিতা আৰু মানুহে তেওঁক অতি সন্মান দিয়ে, যিটো যিকোনো আনুষ্ঠানিক স্বীকৃতিৰ ঊৰ্ধ্বত”।

শৰ্মাই তেওঁৰ আৱেদনখনত গান্ধীক তেওঁ দেশৰ বাবে আগ বঢ়োৱা অৱদানৰ বাবে এই সন্মানৰ জৰিয়তে আনুষ্ঠানিক স্বীকৃতি দিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ ন্যায়ালয়ক অনুৰোধ জনাইছিল।

অৱশ্যে পীঠখনে আৱেদনকাৰীৰ অনুভূতিৰ সৈতে সহমত প্ৰকাশ কৰে আৰু তেওঁক ভাৰত চৰকাৰক এখন স্মাৰকপত্ৰ দিয়াহে উপযুক্ত পদক্ষেপ হ’ব বুলি কয়। কিন্তু বিচাৰপীঠখনে চৰকাৰক তেনে নিৰ্দেশ দিয়াটো এটা বিচাৰযোগ্য বিষয় (justiciable issue) নহয় বুলি কয়।

উল্লেখ কৰিব পাৰি যে অহিংসা আন্দোলনেৰে ভাৰতক দমনীয় ব্ৰিটিছৰ পৰা স্বাধীন কৰাত মুখ্য ভূমিকা লোৱা মহাত্মা গান্ধীক কোনো বিশেষ আনুষ্ঠানিক স্বীকৃতি দিয়া নাই যদিও জাতিৰ পিতা হিচাপে গোটেই দেশে তেওঁক উচ্চ সন্মান জনাই আহিছে।

গান্ধীৰ এই বিস্ময়কৰ দৃষ্টান্তৰ পিছত অহিংসা আন্দোলন নিপীড়িত মানুহৰ অধিকাৰ সাব্যস্তৰ এটা শক্তিশালী পথ হিচাপে বিশ্বজুৰি প্ৰতিষ্ঠা হৈছিল।

ভাৰত স্বাধীন হোৱাৰ পিছতে গান্ধীক হিন্দুত্ববাদী নেতা, যিজন আৰ এছ এছৰ সদস্য আছিল বুলি কোৱা হয়, নাথুৰাম গডছেই ১৯৪৮ চনৰ ৩০ জানুৱাৰিত গুলীয়াই হত্যা কৰে।

অহিংসা নীতিক নতুন মাত্ৰাৰে প্ৰতিষ্ঠা কৰা বাবে মহাত্মা গান্ধী ৫বাৰকৈ শান্তিৰ নোবেল পুৰস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল।

১৯৩৭ আৰু ১৯৪৭ চনত চূড়ান্ত তালিকাতো অন্তৰ্ভুক্ত হৈছিল যদিও তেওঁক সেই পুৰস্কাৰ দিয়া নহ’ল, যিটোৰ বাবে পিছত নোবেল কমিটীয়ে ৰাজহুৱাকৈ খেদ প্ৰকাশ কৰি নিজৰ ভুল স্বীকাৰ কৰে।

ভাৰত চৰকাৰে জাতিৰ পিতাজনৰ নামত বছৰি “গান্ধী শান্তি বঁটা” নামেৰে এটা আন্তঃৰাষ্ট্ৰীয় বঁটা দি আহিছে।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd