বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভুক্তিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেপ্টেইন কুল ধোনীয়ে

dhoni-rafale

ফটো সৌজন্য: টুইটাৰ

মহেন্দ্ৰ সিং ধোনী নিজেই টেৰিটৰিয়েল আৰ্মিৰ সন্মানীয় লেফটেনেন্ট কৰ্ণেল। বিশ্বকাপৰ পাছতে সেনা বাহিনীৰ সৈতে থাকি প্ৰশিক্ষণ লৈছিল। বাচি লৈছিল নিজৰ পছন্দ মতে কাশ্মীৰৰ সেনা শিৱিৰ।

ভাৰতীয় সেনাৰ প্ৰতি থকা ধোনীৰ অনুৰাগৰ পৰিচয় পোৱা যায় নিজৰ উইকেট কিপিং গ্ল’ভছত খেলুৱৈগৰাকীয়ে বহন কৰা বলিদানৰ স্মাৰকে।

বিষয়টোক লৈ আইচিচিয়ে আপত্তিও দৰ্শাইছিল। কিন্তু ধোনীৰ প্ৰতিক্ৰিয়া আছিল ‘কুল’। কিয়নো তেওঁ যিটো অন্তৰেৰে ভাল পাইছে তাক লৈ প্ৰতিক্ৰিয়া হোৱাটো বিচৰা নাছিল।

এগৰাকী মহান ক্ৰিকেটাৰ হিচাপেই নহয়, সেনাৰ এজন জোৱানৰ দৃষ্টিৰে ভাৰতীয় বায়ুসেনাত ৰাফেল বিমানৰ  আনুষ্ঠানিক অন্তৰ্ভুক্তিত সন্তুষ্টি প্ৰকাশ কৰিছে ধোনীয়ে।

ছচিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধোনীয়ে ৰাফেল যুদ্ধ বিমানে মিৰাজ ২০০০ক প্ৰত্যাহ্বান জনাব বুলি আশা ব্যক্ত কৰিছে।

অৱশ্যে, ধোনীৰ প্ৰিয় যুদ্ধ বিমান ৰাফেল নহয়, তেওঁৰ পছন্দ আন এখন যুদ্ধ বিমানহে। ধোনীয়ে নিজৰ পেভাৰিট যুদ্ধ বিমান হিচাপে নিৰ্বাচন কৰে সুখ’ই  Su30MKI ক।

বৃহস্পতিবাৰে আম্বালা বিমানঘাটিত ভাৰতীয় বায়ুসেনাৰ ১৭ নম্বৰ স্কোয়াড্ৰেনত পাঁচখন ৰাফেল যুদ্ধ বিমান অন্তৰ্ভুক্ত কৰা হয়।

ইয়াৰ পাছতে ধোনীয়ে টুইট কৰি কয়,’’ৰাফেলৰ আনুষ্ঠানিক অন্তৰ্ভুক্তিৰ পাছত বিশ্বৰ শ্ৰেষ্ঠ যুঁজাৰু ৪.৫ জেন যুদ্ধ বিমান বিশ্বৰ শ্ৰেষ্ঠ ফাইটাৰ পাইলটসকলে লাভ কৰিলে। … অৱশ্যে, আমাৰ পছন্দৰ যুদ্ধ বিমান এতিয়াও Su30MKI য়ে আছে।‘’