গাড়ী কিনাৰ প্ৰয়োজন নাই! মাত্ৰ ১৯,৭২০ টকাতে লাভ কৰক এখন মহিন্দ্ৰাৰ বাহন; চাওক কেনেকৈ

100680-mahindraxuv300

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ছাৱস্ক্ৰিপশ্যন অফাৰত লাভ কৰিব পৰা বাহনৰ এটা মডেল।

বৃহৎ কোম্পানী মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই ইয়াৰ নিজৰ বাহনসমূহৰ গ্ৰাহকৰ বাবে Revv ৰ সৈতে পাৰ্টনাৰশ্বিপত এক ছাৱস্ক্ৰিপশ্যন ভিত্তিক ব্যৱস্থা মুকলি কৰিছে।

কোম্পানীটোৱে দাবী কৰা মতে এই সম্পূৰ্ণ নতুন পদ্ধতিত নিজাকৈ নিকিনাকৈয়ে গ্ৰাহকে এখন ব্ৰেণ্ড নিউ বাহন ব্যৱহাৰ কৰিব পাৰিব।

এই অফাৰ ইন্স্যুৰেন্স আৰু পথৰ মেৰামতিৰ চাৰ্জকে ধৰি প্ৰতিমাহে ১৯,৭২০ টকাৰ পৰা এক ছাৱস্ক্ৰিপশ্যন মূল্যত আৰম্ভ কৰা হৈছে।

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই কৈছে যে ইয়াৰ দ্বাৰা ইয়াৰ বাহনৰ মালিকীস্বত্ত্বৰ অভিজ্ঞতা অধিক শিথিল,সুলভ আৰু পতিয়নযোগ্য কৰা হৈছে।

গ্ৰাহকৰ বাবে ছাৱস্ক্ৰিপশ্যনৰ লাভসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে সম্পূৰ্ণ সুবিধা, জিৰ’ ডাউন পেমেন্ট, পথ কৰ ৰেহাই, বাহনখনৰ ৰিছেল ভেল্যুৰ ওপৰত জিৰ’ ৰিস্ক আৰু এক নিৰ্দিষ্ট পৰিমানৰ ধন য’ত অন্তৰ্ভুক্ত হৈ আছে নিয়মীয়া মেৰামতিৰ খৰচ।

আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে কোম্পানীটোৱে প্ৰকাশ কৰা মতে আপোনাৰ এক নিৰ্দিষ্ট ন্যুনতম ছাবস্ক্ৰিপশ্যনৰ সময়ৰ ভিতৰত আপুনি বাহনখনৰ মডেল সলনি কৰাৰো সুযোগ পাব।

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ আটোমটিভ ডিভিজনৰ বিক্ৰী আৰু বিপণনৰ মুৰব্বী বিজয় ৰাম নাক্ৰাই কয়,’’ আমি  আমাৰ নিজৰ বাহনসমূহৰ খুচুৰা গ্ৰাহকসকলৰ বাবে এক সম্পূৰ্ণ নতুন ছাৱস্ক্ৰিপশ্যন মডেল মুকলি কৰি আনন্দিত হৈছো। এই শিথিল, অতি সুলভ অফাৰৰ জৰিয়তে আমি আমাৰ গ্ৰাহকসকলৰ তেওঁলোকৰ আকাংখিত বাহনখন ইয়াৰ মালিকীস্বত্ত্বৰ প্ৰয়োজন নোহোৱাকৈ চলাই ফুৰিব পৰাত সহায় কৰাৰ আশা কৰিছো। এইটোৱে সম্পূৰ্ণ ব্ৰেণ্ড মহিন্দ্ৰাৰ এলানি নতুন গ্ৰাহকক আকৰ্ষণ কৰাত সফল কৰিব।‘’

গ্ৰাহকসকলে ৱেবছাইটত গৈ ৬ খনতকৈও অধিক মহিন্দ্ৰাৰ মডেলৰ বাহনৰ মাজৰ পৰা বাহনখন নিৰ্বাচন কৰিব পাৰে। ছাৱস্ক্ৰিপশ্যন অফাৰৰ বাবে তেওঁলোকৰ যোগ্যতা নিশ্চিত কৰিবলৈ কিছু ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাৰ পাছত, গ্ৰাহকজনে নিৰ্বাচন কৰা মডেল আৰু ব্যৱহাৰৰ বাবে নিৰ্দ্ধাৰণ কৰা সময়ৰ ওপৰত ভিত্তি কৰি এক ৰিফাণ্ডৱেল ধন জমা কৰিব লাগিব।

কোম্পানীয়ে তাৰ পাছত বাহনখনৰ বাবে অৰ্ডাৰ গ্ৰহণ কৰিব। সাধাৰণতে এমাহৰ ভিতৰতে বাহনখন ডেলিভাৰি দিয়া হ’ব যদিও ইয়াৰ পূৰ্বে গ্ৰাহকে এমাহৰ ফীজ আগতীয়াকৈ জমা কৰিব লাগিব।

সেইদৰে তেওঁলোকে ছাবস্ক্ৰিপশ্যনৰ সময়ছোৱাত প্ৰতিমাহে ফীজ আদায় দিয়াৰ প্ৰয়োজন হ’ব।

মহিন্দ্ৰাৰ ছাৱস্ক্ৰিপশ্যন মডেলত সুলভ বাহনসমূহৰ ভিতৰত আছে KUV100, XUV500, XUV300, Scorpio, TUV300, Marazzo আৰু Alturas G4. নতুন কাৰৰ ক্ষেত্ৰত এবছৰৰ পৰা চাৰিবছৰলৈ এই সুবিধা থাকিব।

এবাৰ ন্যুনতম ছাবস্ক্ৰিপশ্যনৰ সময়ছোৱা পাৰ হ’লে, গ্ৰাহকে বাহনখন বিক্ৰী কৰাৰ কোনো ঝামেলা নোহোৱাকৈ তাক ঘুৰাই দিবপাৰে আৰু এখন নতুন বাহন ল’ব পাৰে।  নাইবা তেওঁলোকে এক পূৰ্ব নিৰ্দ্ধাৰিত চাৰ্জৰ বিনিময়ত বাহনখন কোম্পানীৰ পৰা কিনি লৈ ইয়াৰ স্বত্ত্ব লাভ কৰাৰো বিকল্প আছে।