অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ উপ সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছতে আলফা(স্বা)ৰ উপমুখ্য সেনাধক্ষ্য হিচাপে নিযুক্তি দিয়া হৈছে আফলা(স্বা)ৰ নেতা মেজৰ জেনেৰেল মাইকেল অসম ওৰফে মাইকেল ডেকাফুকনক।
উল্লেখ্য যে, যোৱা ১১ নৱেম্বৰত মেঘালয়ৰ দক্ষিণ গাৰো হিলছত মেঘালয় আৰক্ষী আৰু ভাৰতীয় সেনাৰ এছএফ-১০ কামাণ্ড’ৰ যুটীয়া অভিযানকাৰী ওচৰত আত্মসমৰ্পণ কৰাৰ পিছৰে পৰা আলফা(স্বা)ৰ উপমুখ্য সেনাধক্ষ্য পদটো খালি হৈ আছিল।
আজি আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ সদস্য দীপ অসমৰ স্বাক্ষৰ সম্বলিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত বিদ্ৰোহী সংগঠনটোৱে এই কথা জনাইছে।
সংগঠনটোৰ বিষয়া, সদস্য/সদস্যাসহ অসমৰ থলিগিৰি জনগণৰ উদ্দেশ্যে সংবাদ মাধ্যমত প্ৰকাশ কৰিবলৈ প্ৰেৰণ কৰা বিবৃবিটোত আলফা(স্বা)ৰ আত্মসমৰ্পণকাৰী প্ৰাক্তন উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাক অব্যাহতি দিয়া বুলি উল্লেখ কৰা হৈছে।
“সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন) সংগঠনৰ সমূহ বিষয়া আৰু সদস্য/সদস্য তথা অসমৰ থলগিৰি জনগণৰৰ জ্ঞাতাৰ্থে জনাওঁ যে ‘সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীনত)’ সংগঠনৰ অধীনস্থ ‘সংযুক্ত মুক্তি ফৌজ, অসম(স্বাধীন)’ৰ উপ সেনা প্ৰধান পদৰ পৰা মেজৰ জেনেৰেল দৃষ্টি ৰাজখোৱাক অব্যাহতি দি তেখেতৰ স্থানত মেজৰ জেনেৰেল মাইকেল অসমক নিযুক্তি প্ৰদান কৰা হয়।” বিবৃতিটোত কোৱা হয়।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃবিটোত আলফা(স্বা)ৰ লে. জেনেৰেল তথা উপ সভাপতি পৰেশ অসমেও স্বাক্ষৰ কৰিছে।