NORTHEAST NOW (Assamese)

২৪ ৰ ৰণশিঙা: দ্বিতীয়লানি বৈঠকত সকলো বিৰোধী দলক উপস্থিতিৰ আহ্বান কংগ্ৰেছ মুৰব্বীৰ

July 11, 2023 5:06 pm · এন ই নাও নিউজ, গুৱাহাটী

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন যিমানেই কাষ চাপিছে, সিমানেই উমৈহতীয়া বিৰোধীৰ লক্ষ্যত বৃদ্ধি পাইছে প্ৰস্তুতি। বৰ্তমানৰ শাসকীয় বিজেপিক ২৪ ত উফৰোৱাৰ বাবে ৰণনীতি প্ৰস্তুতিত নামি পৰিছে বিৰোধী নেতাসকল। এই সন্দৰ্ভত ইতিপূৰ্বে এক বৈঠকত মিলিত হৈছে বিৰোধী দলসমূহ।

ঐক্যবদ্ধ বিৰোধী মৰ্চা গঠনৰ বাবে বিৰোধীৰ দ্বিতীয়খন বৈঠক অহা ১৭-১৮ জুলাইত অনুষ্ঠিত হ’ব। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত অংশগ্ৰহণৰ বাবে বিৰোধী দলসমূহৰ শীৰ্ষ নেতাসকলক আমন্ত্ৰণ জনাইছে কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেই।

খৰ্গেই বিৰোধী দলৰ শীৰ্ষ নেতাসকলক উদ্দেশ্যি এক পত্ৰযোগে বিৰোধী দলসমূহক বৈঠকৰ বাবে আমন্ত্ৰণ জনায়। তেওঁ লগতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আহ্বানমৰ্মে যোৱা ২৩ জুনত পাটনাত অনুষ্ঠিত হৈ যোৱা বিৰোধীৰ প্ৰথমখন বৈঠকৰ কথা সোঁৱৰাই দিয়ে বিৰোধী নেতৃবৰ্গক।

পত্ৰখনত তেওঁ কয়, “আমাৰ গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত সৰ্বসন্মতিক্ৰমে একমতত উপনীত হোৱাৰ বাবে এই বৈঠকখন যথেষ্ট সফলতা লাভ কৰিছিল।”

তেওঁ লগতে পত্ৰখনত কয়, “এই আলোচনাসমূহ অব্যাহত ৰখা আৰু আমি গঢ়ি তোলা উদ্যম অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ বুলি মই বিবেচনা কৰোঁ। মোৰ বিশ্বাস যে আমাৰ দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰিবলৈ আমি একেলগে কাম কৰাটো অত্যন্ত প্ৰয়োজনীয়।”

উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পাটনাত অনুষ্ঠিত হোৱা প্ৰথমখন বিৰোধী বৈঠকত ১৫ টাতকৈও অধিক দলে অংশগ্ৰহণ কৰিছিল।

এই বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দলটোৰ নেতা ৰাহুল গান্ধী, এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনকে ধৰি আন নেতাসকলো উপস্থিত থাকে।

Related News