কেৰালাৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ২০২৪ চনত কেৰালা বিধানসভাত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা এই প্ৰস্তাৱটো নিৰ্বাচনৰ ঠিক আগে আগে কেন্দ্ৰৰ মোদী চৰকাৰে অনুমোদন জনোৱাক লৈ বহু লোক আচৰিত হৈছে। ৰাজনৈতিক মহলৰ মতে এয়া কেৱল এটা প্ৰশাসনিক সিদ্ধান্তই নহয় বৰঞ্চ ইয়াৰ আঁৰত এক গভীৰ ৰাজনৈতিক সমীকৰণ লুকাই আছে। বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কংগ্ৰেছে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই এই কাম ইমান ক্ষিপ্ৰতাৰে সম্ভৱ হৈছে।
প্ৰকৃততে কেৰালাৰ নাম সলনিৰ এই বিষয়টো মালয়ালী আৱেগ আৰু পৰিচয়ৰ সৈতে জড়িত। বহু দিনৰ পৰাই এইটো জনসাধাৰণৰ এটা ডাঙৰ দাবী আছিল। এতিয়া বিজেপিয়ে এই দাবী পূৰণ কৰি ৰাজ্যখনত নিজৰ স্থিতি সবল কৰিব বিচাৰিছে। আনহাতে পিনাৰায় বিজয়নৰ নেতৃত্বত চলি থকা বাওঁপন্থী চৰকাৰখনেও এই কৃতিত্বৰ অংশীদাৰ হবলৈ চেষ্টা কৰিছে। বিৰোধীৰ মতে নিৰ্বাচনৰ আগে আগে বিজেপিক সুবিধা কৰি দিবলৈ আৰু নিজৰ চৰকাৰ ৰক্ষা কৰিবলৈ চিপিএমে এক কৌশলগত চুক্তি কৰিছে। যাৰ ফলত এতিয়া বিজেপি আৰু বাওঁপন্থীৰ মিত্ৰতাৰ চৰ্চা সৰ্বত্ৰে চলিছে।
কেৰালাৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি অনুসৰি বাওঁপন্থী এলডিএফ আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ মাজত মূল যুঁজখন হয়। কিন্তু যোৱা লোকসভা নিৰ্বাচন আৰু শেহতীয়া পৌৰসভা নিৰ্বাচনত ইউডিয়েফৰ ব্যাপক সফলতাৰ পাছত বিজয়ন চৰকাৰ কিছু শংকিত হৈ পৰিছে। কংগ্ৰেছৰ অভিযোগ যে বিজয়নে এতিয়া বিজেপিক বিৰোধী হিচাপে আগুৱাই দি কংগ্ৰেছৰ ভোট বিভাজন কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী বিজয়নে আন বাওঁপন্থী নেতাৰ দৰে মোডীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নকৰাটোৱেও এই সন্দেহৰ সৃষ্টি কৰিছে। আনকি উদ্যোগপতি গৌতম আদানীৰ সৈতেও তেওঁৰ মধুৰ সম্পৰ্ক থকাৰ কথাটোৱে এই অভিযোগত ইন্ধন যোগাইছে।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এই সমগ্ৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে। তেওঁৰ মতে কেৰালাত বিজেপি আৰু চিপিএমৰ মাজত এক অঘোষিত মিত্ৰতা গঢ় লৈ উঠিছে আৰু সেই মিত্ৰতাৰ পুৰস্কাৰ স্বৰূপেই কেন্দ্ৰই নাম সলনিৰ অনুমতি দিছে। বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ কৈছে যে কেৰালাত ৰাম-বাওঁপন্থী এক হৈছে। এইদৰে নাম সলনিৰ কৃতিত্ব দুয়োটা দলে ভগাই লৈ নিৰ্বাচনত বৈতৰণী পাৰ হবলৈ বিচাৰিছে। কেন্দ্ৰৰ এই মাষ্টাৰষ্ট্ৰ’কে কেৰালাৰ ৰাজনীতিত কি প্ৰভাৱ পেলায় সেয়া আগন্তুক সময়ত লক্ষণীয় হ’ব।





