DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰুতকৈও মূল্য কম হ’ল মানুহৰ! গো-ৰক্ষকে জ্বলাই হত্যা কৰিলে এজনক

লোচন কৌশিক by লোচন কৌশিক
February 24, 2022 11:13 am
গৰুতকৈও মূল্য কম হ’ল মানুহৰ! গো-ৰক্ষকে জ্বলাই হত্যা কৰিলে এজনক
220
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে  একাংশ গো-ৰক্ষকৰ সন্ত্ৰাস। গো-ৰক্ষকৰ নাম লৈ বাটে-পথে একাংশ দুষ্কৃতিকাৰীয়ে সন্ত্ৰাস চলাই অহাটো এতিয়া এক সাধাৰণ কথাত পৰিণত হৈছে।

পুনৰ এনে দুষ্কৃতিকাৰীৰ নৃশংসতাৰ বলি হৈছে এজন লোক। ভাইৰেল হৈ পৰা ভিডিঅ’ত দেখা গৈছে, এজন সংখ্যালঘু লোকক একাংশ তথাকথিত গো-ৰক্ষকৰ নানা নিৰ্যাতন।

দেশ বিভক্ত হৈছে। গৰুতকৈ মানুহৰ মূল্য কম হৈ পৰিছে। অভিযোগ উঠিছে যে গো-ৰক্ষকৰ আক্ৰমণত লোকজনৰ মৃত্যু হয় আৰু তাৰ পাছতে তেওঁক এটা খাৱৈত পুতি থোৱা হয়। এই নৃশংস ঘটনাটো সংঘটিত হৈছে বিহাৰত।

আক্ৰমণকাৰী লোকসকলে নিষ্ঠুৰতাৰ নিদৰ্শন দাঙি ধৰি লোকজনক পেট্ৰ’ল ঢালি জ্বলাই দিয়া বুলিও অভিযোগ উঠিছে।

লোকজনৰ মৃতদেহত নিমখ ঢালি পুতি থোৱা বুলিও একাংশ লোকে অভিযোগ কৰিছে।

ভিডিঅ’টোত জনতা দল ইউনাইটেডৰ এগৰাকী সদস্য তথা বিহাৰৰ সমস্তিপুৰ জিলাৰ বাসিন্দা ভুক্তভোগী মহম্মদ খলিল আলম নামৰ লোকজনে আক্ৰমণকাৰী কেইজনক হাতে-ভৰিয়ে ধৰি তেওঁক মাৰ-ধৰ নকৰিবলৈ অনুৰোধ কৰা দেখা গৈছে । কিন্তু তেওঁৰ অনুৰোধ তথা প্ৰাৰ্থনাত হিয়া নগলিল আক্ৰমণকাৰীকেইজনৰ।

ভিডিঅ’টোত আক্ৰমণকাৰীকেইজন দৃষ্টিগোচৰ হোৱা নাই। কিন্তু তেওঁলোকে নানা ভয়-ভাবুকিৰে গো সৰবৰাহ আৰু গো মাংস বিক্ৰী সম্পৰ্কত বিভিন্ন প্ৰশ্ন কৰা শুনিবলৈ পোৱা গৈছে।

আক্ৰমণকাৰীকেইজনে আনকি লোকজনে কিমান গো-মাংস তেওঁৰ জীৱনত খাইছে আৰু ল’ৰা ছোৱালীক খুৱাইছে সেই সম্পৰ্কতো প্ৰশ্ন কৰে ।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।  বিৰোধী দলৰ নেতা তেজস্বী যাদৱে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰি কয় , এনে ঘটনাই চৰকাৰৰ ব্যৰ্থতাকে সূচাইছে।

দেশত সাম্প্ৰদায়িক ঘৃণা তথা এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ প্ৰতি এনে নিষ্ঠুৰতা এতিয়া অতি উদ্বেগৰ বিষয় হৈ পৰিছে বুলি যাদৱে মন্তব্য কৰে।

Recent News

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd