NORTHEAST NOW (Assamese)

গোৰেশ্বৰত নৃশংস হত্যাকাণ্ড; ঘটনা সংক্ৰান্তত তিনিগৰাকী লোকক আটক

October 21, 2019 3:54 pm · এন ই নাও নিউজ
দলংদিয়াত উদ্ধাৰ হোৱা মৃতদেহটো। উৎস-ইণ্টাৰনেট

দেওবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰৰ গোৰেশ্বৰত ধাননি পথাৰত অনন্ত দাস নামৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।

মৃত ব্যক্তিগৰাকীৰ ঘৰ গোৰেশ্বৰৰ বাগানবস্তিত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, স্থানীয় ৰাইজে ৰাতিপুৱা পথৰ দাতিৰ ধাননি পথাৰত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে আৰু ঘটনা সম্পৰ্কত আৰক্ষীক খবৰ দিয়ে।

আনহাতে, স্থানীয় ৰাইজৰ পৰা খবৰ লাভ কৰিয়ে ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে সোধ পোচৰ বাবে তিনিগৰাকী লোকক আটক কৰিছে।

স্থানীয় লোকে জানিব দিয়া মতে, নিশা নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পাছত হোৱা কাজিয়াৰ পৰিণতিতে অনন্ত দাসক লগৰীয়াই নৃশংসভাৱে হত্যা কৰে।

পত্নী আৰু দুগৰাকী কন্যাৰে সৈতে সংসাৰ কৰি থকা অনন্ত দাস পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

Related News