NORTHEAST NOW (Assamese)

পাণ্ডুত উদ্ধাৰ শুক্ৰেশ্বত গা ধুই থাকোঁতে লুইতত সন্ধানহীন হোৱা ব্যক্তিৰ মৃতদেহ

June 16, 2023 7:23 pm · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে গুৱাহাটীৰ পাণ্ডু অঞ্চলত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ।

নিহত লোকজনৰ নাম জাহিদ আহমেদ। সূত্ৰৰ পৰা জানিব পৰা মতে, আজি শুক্ৰেশ্বৰ ঘাটত গা ধুবলৈ যোৱাৰ পিছত জাহিদ সন্ধানহীন হৈ পৰে।

পিছত মহানগৰীৰ মালিগাঁও অঞ্চলৰ পাণ্ডুৰ সমীপত ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত স্থানীয় লোকে ব্যক্তগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। লগে লগে কৰ্তৃপক্ষক অৱগত কৰা হয়।

স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা এজন ব্যক্তিৰ মৃতদেহ গুৱাহাটীৰ লাচিত ঘাটত উদ্ধাৰ হৈছিল। খবৰ অনুসৰি যুৱকজনে লগৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ তেওঁ নিৰুদ্দেশ হয়।

নিহত লোকজন গুলজাৰ বুলি চিনাক্ত কৰা হৈছে। নিৰুদ্দেশ হোৱাৰ চাৰিদিন পিছতে গুৱাহাটীৰ লাচিত ঘাটত তেখেতৰ মৃতদেহটো উদ্ধাৰ হয়।

Related News