DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

“জয় শ্ৰী ৰাম” ধ্বনি উচ্চাৰণেৰে বিবাহত গুলীচালনা আততায়ীৰ, এজনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2021 1:24 pm
Man Shot Dead At Madhya Pradesh Wedding
581
VIEWS
Share on FacebookShare on Twitter

জয় শ্ৰী ৰাম ধ্বনি এতিয়া ভক্তিৰসৰ আধাৰ নহয়, গোঢ়া হিন্দুত্ববাদীৰ কৃপাত জয় শ্ৰী ৰাম ধ্বনিয়ে এতিয়া অন্যায় – অপৰাধৰ মাগদৰ্শনত পৰিণত হৈছে।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে মৃত্যুৰ সময়ত ‘হে ৰাম’ উচ্চাৰণ কৰি শেষ নিশ্বাস ত্যাগ কৰিছিল বুলি কথিত আছে। অথচ সেই ৰাম নাম উচ্চাৰণ কৰিয়ে গান্ধীৰ উত্তৰসূৰী ভাৰতীয়ই হত্যাকাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে।

জয় শ্ৰী ৰাম ধ্বনি উচ্চাৰণ কৰি এদল হিন্দুত্ববাদী লোকে কালি এক বিবাহ অনুষ্ঠানত কৰা গুলীবৰ্ষণত এজন লোকৰ মৃত্যু হৈছে। মধ্য প্ৰদেশত সংঘটিত হৈছে এই নিৰ্দয় ঘটনা।

বিবাহ অনুষ্ঠানটো কাৰাগাৰত থকা ‘গডমেন’ ৰামপাল নামৰ এজন ব্যক্তিৰ অনুগামীসকলে আয়োজন কৰিছিল।

স্থানীয় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়া অমিত বাৰ্মাই জানিবলৈ দিয়ে যে সশস্ত্ৰ লোকসকলে এনে বিবাহ অবৈধভাৱে আয়োজন কৰা বুলি অভিযোগ কৰি অনুষ্ঠানত আক্ৰমণ কৰিছিল।

ৰামপালৰ অনুগামীসকলে কয় যে তেওঁ ৰামাইনী নামৰ এক পৃথক বিবাহ অনুষ্ঠান অনুসৰণ কৰে। এই অনুষ্ঠানৰ বাবে মাত্ৰ ১৭ মিনিট সময় লাগে। আক্ৰমণকাৰীসকলে অভিযোগ কৰিছে যে এনে বিবাহ হিন্দু ধৰ্মৰ বিৰোধী।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা আক্ৰমণটোৰ ভিডিঅত দেখা গৈছে যে হাতে হাতে লাঠী কঢ়িয়াই অনা লোকসকলৰ পৰা আতংকিত অতিথি সকল আঁতৰি যাবলৈ চেষ্টা কৰি দৌৰিছে আৰু এনে হুলস্থূলীয়া পৰিৱেশৰ মাজতে পঞ্চায়তৰ প্ৰাক্তন প্ৰধান দেৱতাল মীনাক লক্ষ্য কৰি এজন আততায়ীয়ে গুলীচালনা কৰে। গুলীবিদ্ধ মীনাক ৰাজস্থানৰ কোটাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।

ভাইৰেল ভিডিঅ’বোৰত ৰঙা চাৰ্ট আৰু চানগ্লাছ পৰিহিত আক্ৰমণকাৰীজনক বন্দুক দেখুওৱা দেখা গৈছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও জনা হোৱা নাই।অৱশ্যে আৰক্ষীয়ে এই ঘটনাত জড়িত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।

আনহাতে এতিয়ালৈকে চিনাক্ত কৰা ১১ জন ব্যক্তি আৰু আন আন কিছু লোকৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd