• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানাহৰ ওপৰত নাই এখন পকী দলং: হাপাচৰত মৰণত শৰণ দি যাতায়াত হাজাৰ হাজাৰ লোকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 9:35 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মান-অসমৰ ঐতিহাসিক শেষ ৰণথলী হাদিৰাচকীৰ সমীপৱৰ্তী হাপাচৰত এতিয়াও অব্যাহত আছে মধ্যযুগীয় যাতায়াত ব্যৱস্থা। বৰপেটা জিলাৰ নৱগঠিত ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ (পূৰ্বৰ বাঘবৰ সমষ্টি) অন্তৰ্গত হাপাচৰ গাঁৱত মানাহ নদীৰ ওপৰত এখন পকী দলং নথকাত যুগ যুগ ধৰি যমৰ যাতনাত ভুগিবলগীয়া হৈছে ফুলৰা আৰু চতলা সংযোগী পথৰ যাত্ৰীসকল।

প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰী সদিচ্ছাৰ অভাৱত স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি মানাহ নদীৰ ওপৰত এখন বাঁহ আৰু কাঠৰ সাঁকো নিৰ্মাণ কৰি লৈছিল। কিন্তু বৰ্তমান এই সাঁকোখন জহি-খহি যোৱাত দৈনিক হাজাৰ হাজাৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পথচাৰীয়ে মৰণত শৰণ দি নদীখন পাৰ হ’বলগীয়া হৈছে। যিকোনো মুহূৰ্ততে ইয়াত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই বিৰাজ কৰিছে।

Apply Now

অভিযোগ অনুসৰি, কেইবছৰমান পূৰ্বে হাপাচৰ গাঁৱত মানাহ নদীৰ বান্ধৰ বাবে চৰকাৰে ৩ কোটি ৫০ লাখ টকা আবণ্টন দিছিল। ১৬০০ মিটাৰ কাম হোৱাৰ কথা আছিল যদিও মাত্ৰ ৮০০ মিটাৰ কাম কৰি বাকী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই নদীৰ খহনীয়াই এতিয়া কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে অঞ্চলটোৰ কৃষিভূমি আৰু বহু পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত বিলীন হৈছে। বৰ্তমান তীব্ৰ ভাবুকিৰ সন্মুখত পৰিছে হাপাচৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, হাপাচৰ এম.ই. স্কুল আৰু স্থানীয় অংগনৱাড়ী কেন্দ্ৰ।

বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ১৫ বছৰীয়া কাৰ্যকালত অঞ্চলটোত কোনো উল্লেখযোগ্য উন্নয়ন নোহোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে। এগৰাকী স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি কয়, “বিধায়কে কেৱল আধাৰশিলাৰ ৰাজনীতি কৰিছে। দলং হ’ব বুলি মিছা প্ৰতিশ্ৰুতি দি আধা কাম কৰি বাকী টকা আত্মসাৎ কৰাই তেওঁৰ কাম।” আনকি খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতিশ্ৰুতি দিয়া ৫ লাখ টকাও আজিলৈকে কাৰ্যকৰী নহ’ল বুলি ৰাইজে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd