মান-অসমৰ ঐতিহাসিক শেষ ৰণথলী হাদিৰাচকীৰ সমীপৱৰ্তী হাপাচৰত এতিয়াও অব্যাহত আছে মধ্যযুগীয় যাতায়াত ব্যৱস্থা। বৰপেটা জিলাৰ নৱগঠিত ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ (পূৰ্বৰ বাঘবৰ সমষ্টি) অন্তৰ্গত হাপাচৰ গাঁৱত মানাহ নদীৰ ওপৰত এখন পকী দলং নথকাত যুগ যুগ ধৰি যমৰ যাতনাত ভুগিবলগীয়া হৈছে ফুলৰা আৰু চতলা সংযোগী পথৰ যাত্ৰীসকল।
প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰী সদিচ্ছাৰ অভাৱত স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি মানাহ নদীৰ ওপৰত এখন বাঁহ আৰু কাঠৰ সাঁকো নিৰ্মাণ কৰি লৈছিল। কিন্তু বৰ্তমান এই সাঁকোখন জহি-খহি যোৱাত দৈনিক হাজাৰ হাজাৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পথচাৰীয়ে মৰণত শৰণ দি নদীখন পাৰ হ’বলগীয়া হৈছে। যিকোনো মুহূৰ্ততে ইয়াত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই বিৰাজ কৰিছে।
অভিযোগ অনুসৰি, কেইবছৰমান পূৰ্বে হাপাচৰ গাঁৱত মানাহ নদীৰ বান্ধৰ বাবে চৰকাৰে ৩ কোটি ৫০ লাখ টকা আবণ্টন দিছিল। ১৬০০ মিটাৰ কাম হোৱাৰ কথা আছিল যদিও মাত্ৰ ৮০০ মিটাৰ কাম কৰি বাকী ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই নদীৰ খহনীয়াই এতিয়া কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে অঞ্চলটোৰ কৃষিভূমি আৰু বহু পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত বিলীন হৈছে। বৰ্তমান তীব্ৰ ভাবুকিৰ সন্মুখত পৰিছে হাপাচৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, হাপাচৰ এম.ই. স্কুল আৰু স্থানীয় অংগনৱাড়ী কেন্দ্ৰ।
বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ১৫ বছৰীয়া কাৰ্যকালত অঞ্চলটোত কোনো উল্লেখযোগ্য উন্নয়ন নোহোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে। এগৰাকী স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি কয়, “বিধায়কে কেৱল আধাৰশিলাৰ ৰাজনীতি কৰিছে। দলং হ’ব বুলি মিছা প্ৰতিশ্ৰুতি দি আধা কাম কৰি বাকী টকা আত্মসাৎ কৰাই তেওঁৰ কাম।” আনকি খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতিশ্ৰুতি দিয়া ৫ লাখ টকাও আজিলৈকে কাৰ্যকৰী নহ’ল বুলি ৰাইজে জানিবলৈ দিয়ে।





