• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহ গৈ চন্দ্ৰ পালেগৈ : নিম্নবৰ্গৰ হোৱাৰ বাবেই গংগাজলেৰে শুদ্ধি কৰা হ’ল কানহাইয়া কুমাৰে দৰ্শন কৰা মন্দিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 8:48 am
801
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ সহাৰছা জিলাত সংঘটিত হৈছে আধুনিক সমাজ-সভ্যতাক লজ্জানত কৰা ঘটনা।

অভিযোগ অনুসৰি, কংগ্ৰেছ নেতা কানহাইয়া কুমাৰে দৰ্শন কৰাৰ পিছত গংগা জলেৰে শুদ্ধি কৰা হ’ল এটা মন্দিৰ। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ।

এই ঘটনাৰ পিছত কংগ্ৰেছে অভিযোগ কৰিছে যে কংগ্ৰেছৰ সমৰ্থক হোৱাৰ বাবেই কানহাইয়া কুমাৰক “অস্পৃশ্য” জ্ঞান কৰা হৈছে। এই ঘটনাক হিন্দুত্ববাদী বিজেপি দলৰ ৰাজনৈতিক প্ৰত্যাখান বুলি উল্লেখ কৰিছে কংগ্ৰেছে।

জানিব পৰা মতে, ‘প্ৰবজন বন্ধ কৰক আৰু নিবনুৱাক সংস্থাপন দিয়ক’ শীৰ্ষক এক ভ্ৰমণৰ সময়ত কানহাইয়া কুমাৰে পৰিদৰ্শন কৰিছিল এটা দুৰ্গা মন্দিৰ। মন্দিৰৰ চৌহদৰ পৰাই ভাষণ দিছিল নেতাগৰাকীয়ে।

তাৰপিছতেই পোহৰলৈ আহে আন এক দৃশ্য। ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেক্হা পোৱা গৈছে যে কানহাইয়া কুমাৰে মন্দিৰ দৰ্শন কৰাৰ পিছত কেইজনমান লোকে মন্দিৰটো পানীৰে পৰিস্কাৰ কৰাৰ লগতে গংগা জলেৰে শুদ্ধি কৰিছে।

অৱশ্যে এই সম্পৰ্কে কানহাইয়া কুমাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও কংগ্ৰেছৰ মুখপাত্ৰ জ্ঞান ৰঞ্জন গুপ্তাই কয় যে, “আমি জানিব বিচাৰো যে কেৱল আৰ এছ এছ আৰু বিজেপি সমৰ্থকহে পবিত্ৰ মানুহ আৰু বাকীসকল অস্পৃশ্য নেকি? এই কাৰ্য্যই ভগৱান পৰশুৰামৰ বংশধৰক অপমান কৰিছে। আমি অতি সংস্কৃতকৰণৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছো নেকি য’ত অবিজেপি দল আৰু সমৰ্থকক অস্পৃশ্য হিচাপে গণ্য কৰা হ’ব?”

অৱশ্যে বিজেপিৰ মুখপাত্ৰ অসিত নাথ তিৱাৰীয়ে কয় যে, “প্ৰথমে আমি কানহাইয়া কুমাৰৰ ভ্ৰমণৰ পিছত মন্দিৰ ধোৱাসকলৰ পৰিচয় পৰীক্ষা কৰিব লাগিব। আৰু যদি কংগ্ৰেছ নেতাৰ ভ্ৰমণৰ পিছত মন্দিৰটো ধুই পেলোৱা হৈছিল, তেন্তে ইয়াৰ দ্বাৰা কানহাইয়া কুমাৰৰ ব্ৰেণ্ডৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰা বুলি বুজিব লাগিব।”

মন্দিৰটোৰ ওচৰতে বাস কৰা এগৰাকী বাসিন্দাই জানিবলৈ দিয়া মতে, মন্দিৰৰ ভিতৰত সাধাৰণতে সকলো জাতিৰ লোকক প্ৰৱেশৰ অনুমতি দিয়া হয়। এইটো একাংশ দুষ্কৃতিকাৰীৰ কাম হ’ব পাৰে। কানহাইয়া কুমাৰ উচ্চ বৰ্ণৰ ভূমিহাৰ সম্প্ৰদায়ৰ লোক। গতিকে, মন্দিৰ কৰ্তৃপক্ষই তেওঁক অস্পৃশ্য জ্ঞান কৰাৰ প্ৰশ্নই নাহে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd