NORTHEAST NOW (Assamese)

এছিয়ান গেমছৰ স্বৰ্ণ বিজেতা, মণিপুৰৰ বক্সাৰ ডিংকো সিঙৰ দেহত ওলাল কোভিড-১৯পজিটিভ

June 1, 2020 12:24 pm · এন ই নাও নিউজ
বক্সাৰ ডিংকো সিং। ফাইল ফটো

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজেতা, মণিপুৰৰ শীৰ্ষস্থানীয় বক্সাৰ নাংগম ডিংকো সিঙৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

খেলুৱৈগৰাকী ইতিমধ্যে লিভাৰ কেন্সাৰত আক্ৰান্ত হৈ আছে।

৪১ বছৰীয়া সিঙে নতুন দিল্লীৰ ইনষ্টিটিউট অফ লিভাৰ এণ্ড বিলিয়াৰি ছায়েন্সেছত লিভাৰ কেন্সাৰৰ চিকিৎসাৰ বাবে যোৱা ২৫ এপ্ৰিলত ইম্ফলৰ পৰা দিল্লীলৈ গৈছিল।

চিকিৎসাৰ পাছত সিঙে এখন এম্বুলেন্সেৰে দিল্লীৰ পৰা মণিপুৰলৈ স্থলপথেৰে যাত্ৰা কৰি যোৱা ২৩ মে’ত গৃহ চহৰত উপস্থিত হৈছিল।

মণিপুৰ চৰকাৰে তেওঁক এখন হোটেলত ৰাখিছিল আৰু তাতে তেওঁৰ শৰীৰত বিষ তথা তীব্ৰ জ্বৰ আৰম্ভ হয়।

ইয়াৰ পাছতে পৰীক্ষাত তেওঁৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

কোভিড-১৯ নিগেটিভ অহা তেওঁৰ পত্নী বাবাই সিঙে ডিংকো সিঙৰ পজিটিভ অহাৰ খৱৰটো নিশ্চিত কৰে।

ডিংকো সিঙে ১৯৯৮ৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত বক্সিঙত স্বৰ্ণ পদক অৰ্জন কৰিছিল আৰু ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে।

তেওঁ যোৱা কেইবাবছৰ ধৰি অসুখত ভূগি আছে আৰু ২০১৭চনৰ পৰা তেওঁৰ লিভাৰ কেন্সাৰৰ চিকিৎসা চলি আছে। ইয়াৰ মাজতে তেওঁ জণ্ডিছতো ভূগিছে।

Related News