NORTHEAST NOW (Assamese)

মণিপুৰত নিৰাপত্তাৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

December 15, 2018 2:58 pm · সভাপতি ছামম

মণিপুৰৰ ইম্ফল জিলাত চলোৱা আৰক্ষী আৰু আছাম ৰাইফলছৰ ৯ ছেক্টৰৰ দ্বাৰা চলোৱা এটা যুটীয়া অভিযানত জিয়াংগ্ৰং য়ুনাইটেড ফ্ৰণ্টৰ এগৰাকী সহানুভুশীল এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ উপৰিও বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। এই অভিযানটো চলোৱা হৈছিল ১৪ ডিচেম্বৰ শুকুৰবাৰে।

আছাম ৰাইফলছৰ কেইথেলমানবি আৰু থৌবাল বেটেলিয়ন আৰু ইম্ফল পশ্চিম জিলা কামাণ্ডোসকলে ইম্ফল পশ্চিম জিলাৰ টেৰা বাজাৰ জিলাত যুটীয়া অভিযান চলাই আণ্ডাৰগ্ৰাউণ্ড জেদয়ুএফ সংগঠনৰ প্ৰতি সহানুভুতিশীল এগৰাকী মহিলাক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে। শুকুৰবাৰে আছাম ৰাইফলৰ (দক্ষিণ) জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে এই কথাখিনি প্ৰকাশ কৰিছে। উদ্ধাৰ হোৱা গুলি-ৰাৰুদৰ মাজত আছে ৭.৬২ মিলিমিটাৰ একে-৪৭ ৰাইফলৰ ১১২০ ৰাউণ্ড গুলি, ২০টা চাইনিজ হেণ্ড গ্ৰেনেড আৰু ২০টা ডিটনেটৰ।

ধৃত মহিলাগৰাকী হৈছে জিয়াংগ্ৰং য়ুনাইটেড ফ্ৰণ্টৰ প্ৰকাশন আৰু তথ্য বিভাগৰ স্বয়ম্ভু যুটীয়া সচিব আজোনা কামেইৰ বায়েক আৰু সংগঠনটোৰ স্বয়ম্ভু মুখ্য সেনাধ্যক্ষ ডাৰেই চিৰুৰ খুলশালী। ধৃত মহিলাগৰাকী পূৰ্বেও অস্ত্ৰ-শস্ত্ৰ সৰাবৰাহৰ সৈতে জড়িত আছিল।

এই বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিব পৰাটো আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ বাবে এটা বৃহৎ সাফল্য বুলি পৰিগণিত হৈছে।

Related News